কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"
"কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"
(সকলো পিতৃ-মাতৃ আৰু অভিভাৱকৰ হাতত)
আমি নাৰী। আমি সকলোৱে শৈশৱ, যৌৱন পাৰ কৰি আজি এই পৰ্য্যায়ত আছোঁ। জীৱনৰ এই দুটি ষ্টেপ পাৰ কৰি আহোঁতে আমি প্ৰত্যেকেই পৃথক পৃথক কিছুমান সুবিধা -অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ।
আমি সকলোৱে নিজৰ বিষয়ে জ্ঞাত যে আমি কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ। যেনে ধৰক, টিউচন ছাৰৰ বেয়া দৃষ্টি, ওচৰৰ খুড়া,দাদা সকলৰ পৰা বেয়া ইংগিত বা বেয়া স্পৰ্শ(bad touch), ঘৰলৈ অহা দেউতাৰ বন্ধু জনৰ পৰা মৰম কৰাৰ চলেৰে আমাৰ গোপন ঠাইত স্পৰ্শ আদি। এইবোৰত আমাৰ কিছুমান বান্ধৱীয়ে প্ৰতিবাদ কৰি মাত মাতিছিল, কিন্তু মোৰ বিশ্বাস শতকৰা ৭৫ ভাগেই লুকুৱাই থৈছিল।মানে লুকুৱাবলৈ বাধ্য হৈছিল।কাৰণ বিভিন্ন আছিল, কিছুমানে ভাবিছিল এইয়া কথা ঘৰত ক'বলৈ লাজ লাগে, কিছুমানৰ ভয় লাগে,কিছুমানৰ আকৌ তেনেকুৱা পৰিৱেশ ৰ অভাৱ আছিল যে তেওঁ কাৰোবাক ক'ব পাৰে। এইদৰেই আমি মনতে সকলো গোপন কৰি,নিজৰ খঙ,ক্ষোভক দমন কৰি, সেই দুষ্ট বা নীচ মানসিকতাক প্ৰশ্ৰয় দি আহিলোঁ। আমিয়ে তেওঁলোকক আমাৰ দৰে আন সকলৰ লগত এই একে কাম কৰিবলৈ উৎসাহ দিলোঁ।
কিন্তু আমি বাৰু বিচাৰিম নে, তেওঁলোকে আমি জন্ম দিয়া কণমানি জনী নাইবা আমাৰ ভাগিনী, ভতিজী,ভনী,বান্ধৱী সকলোৰে লগত এই কাম কৰক। নিশ্চয় নিবিচাৰোঁ, নহয় নে? আমি আমাৰ লগত হোৱা এই ঘটনা সমূহ দূৰ কৰিবলৈ আমাৰ এই কণমানি সকলক মন খুলি কথা পাতো আহক।
আমি আমাৰ কণমানিজনীক বেয়া স্পৰ্শ আৰু ভাল স্পৰ্শ বিষয়ে জ্ঞান দিওঁ আহক। এই সমূহ জ্ঞান দিওঁতে, ওচৰত ঘৰৰ সকলোকে বহুৱাই ল'ব। বিশেষকৈ দেউতাকক যাতে কণমানি জনীয়ে কোনো ধৰণৰ লাজ বা কোনো কথা ক'বলৈ মনত সংকোচ নানে। তাইক আমি সকাহ দিওঁ,তাইৰ লগত আমি সদায় আছোঁ। তাইক কোনোবাই এই ধৰণৰ কাম কৰিলে, প্ৰথমে তাইক চিঞৰিবলৈ ক'ম,লগে লগে মাক বা দেউতাকক নাইবা তাই নিজে ভালপোৱা ঘৰৰ আপোনজনক প্ৰথমে ক'বলৈ ক'ম। আমি তাইক এই বিষয় লৈ কেতিয়াও খঙ নকৰোঁ বুলি আশ্বাস দিম।তাইক ক'ম, 'তুমি যদি কোৱা তেতিয়া তোমাক আৰু বেছি মৰম কৰিম'। যদি তাইক কোনোবাই এইবোৰ কথা কাকো ন'কবলৈ কয়, তেতিয়া তাই যাতে কথাটো ক'বই লাগিব বুলি মনতে দৃঢ় হয়, এই কথাটো তাইক আমি বুজাই দিম। মুঠতে তাইক আমি নির্ভয় দিম যে,আমি তাইক খুব মৰম কৰিম যদি তাই এই ধৰণৰ কথা আমাক জনায়। তাৰ উপৰি কণমানি জনীক আমি আমাৰ কাপোৰেৰে ঢাকি ৰখা গোপন ঠাই সমূহ চিনাকি কৰি দিম।এই সমূহ বেলেগে হাত দিয়া যে বেয়া তাইক কথাটো বুজাই দিম।
আমি আমাৰ কণমানি জনীক আমাৰ দৰে মৌন হৈ সকলো সহ্য কৰাৰ পৰা আঁতৰাই আনিম। 'চুমা' দিয়াৰ চলেৰে মানুহৰ মনত কি থাকে আমি জানো,গতিকে কণমানি জনীক আমি বুজাম। কোনোবাই চুমা দিবলৈ আহিলে, সেই ঠাইৰ পৰা আঁতৰি আহি কেনেদৰে সুৰক্ষিত ঠাইত থাকিম আৰু 'নাই, ন'হব' বুলি চিঞৰি ক'ম।
ৰংৰ উৎসৱটো সকলোৰে বৰ আপোন। কিন্তু আমি জানো, ৰঙ সনাৰ চলেৰে মানুহৰ মানসিকতাক ।গতিকে আমাৰ কণমানি জনীৰ লগতে নিজকো সুৰক্ষিত কৰিব লাগিব। সদায় এই মনোবৃত্তিৰ মানুহৰ পৰা নিজেও বাছি থাকিব আৰু কণমানিকো বচাব। আৰু কণমানিক উৎসৱৰ দিনা নিজৰ হাতত ৰাখিব।
আজি মোৰ মনলৈ অহা আৰু সৰুতে মুখেৰে নামাতি সহ্য কৰি অহা ঘটনা সমূহ কল্পনা কৰি কথা খিনি লিখিলোঁ। বৰ্তমান পৰিস্থিতি আৰু ভয়ানক।গতিকে সদায় ঘৰত কথা পাতক। দেউতাক-মাক,কণমানি, ককা- আইতাক সকলো বহি এই বিষয়টো চর্চা কৰক আৰু তাইক নিৰ্ভয় দিয়ক।
@নীৰুজা বৰা
২৭/২/২০১৮
(বিষয়টো লিখা তিনিবছৰেই হ'ল)
২২/৫/২০২১
(মন্তব্য আগবঢ়াব লগতে Share কৰিব)
Comments
Post a Comment