প্ৰবন্ধ
*বন্ধুত্ব হৈ থাকক জীৱনৰ হাঁহি*
#নন্দিনী আলোচনীত প্ৰকাশিত মোৰ এটি পুৰণি লেখা।
চাপ মুক্ত জীৱনত বন্ধুত্বৰ ভূমিকা::
চাপ, শব্দই কি নিৰ্দেশ কৰে? ই হেঁচাক নিৰ্দেশ কৰে। যি এটা বস্তুত প্ৰয়োগ কৰিলে, বস্তুটোৰ স্থান বা আকাৰত পৰিৱৰ্তন হয়। বস্তুৰ ক্ষেত্ৰত এই চাপক বল প্ৰয়োগ কৰা বুলিও কোৱা হয়।
কিন্তু মানুহৰ ক্ষেত্ৰত এই চাপ বিভিন্ন ধৰণে হ'ব পাৰে, বস্তুৰ দৰে বল প্ৰয়োগ কৰি স্থান পৰিৱৰ্তন কৰা আৰু আনটো মানসিক চাপ। যাক নিৰাময় কৰাৰ বিশেষ প্ৰয়োজন হৈ উঠিছে।
আজিৰ লেখাটোয়ে মানসিক চাপক নিৰ্দেশ কৰিছে। এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ, বিশ্ব বিখ্যাত ৰাছিয়ান লেখক, টলষ্টয়(Nikolayvince Tolstoy) যেতিয়া প্ৰায় সত্তৰ বছৰীয়া বৃদ্ধ আছিল, তেনে সময়ত বিশ্ববিখ্যাত ৰাছিয়ান আৰু ছোভিয়েট লেখক, মেক্সিম গৰ্কী (Alexei Maximizing Peshkov Ressov) ৰ বয়স আছিল প্ৰায় ২২বছৰীয়া এজন ডেকা যুৱক।
এটা আচৰিত কথা যেতিয়াই গৰ্কীয়ে অকলে টলষ্টয়ৰ মুখা মুখি হয় টলষ্টয়ে এক অদ্ভুত আচৰণ কৰে। বিশ্ব বিখ্যাত সেই লেখক জনক লগ কৰিবলৈ গৈ গৰ্কী সদায় আচৰিত হয়, সকলোৰে চকুত যিজন বিশ্ব বিখ্যাত কিন্তু তেওঁৰ লগত এনে কিয় কৰে।
এদিন টলষ্টয়ৰ পৰাই গৰ্কীয়ে , এই প্ৰশ্নৰ উত্তৰ পালে। টলষ্টয়ে উত্তৰত ক'লে, যে মানুহৰ কিছুমান চাপ থাকে, যে নিয়মানুৱৰ্তীতা, ভদ্ৰভাৱে বাস কৰা, ভালকৈ খোজকাঢ়ি যোৱা, খোৱাৰ ধৰণ আদি সমূহ কৰোঁতে কৰোঁতে, নিজে ভালপোৱা কথাবোৰ পাহৰি যায়। নিজে কেতিয়া মুক্ত মনেৰে থাকিব, যেতিয়া অকলে থাকিব, তেতিয়া সম্ভৱ হয়, কিন্তু অকলে জানো মুক্ত মনেৰে থাকিব পাৰি , কোনো এজন লগৰীয়াৰ প্ৰয়োজন হয়, যি আপোনাক বুজে, আপোনাৰ মুক্ত মনেৰে কৰা কাম বা কোৱা কথাত আনৰ আগত কৈ নিদিয়ে বা প্ৰকাশ নকৰে। টলষ্টয়ৰ মনত গৰ্কীয়ো এনে এজন ব্যক্তি যাৰ আগত তেওঁ নিজৰ দৰে থাকিব পাৰে, কোনো চাপ নোহোৱাকৈ অৰ্থাৎ মুকলি মনেৰে নাচিব পাৰে, জঁপিয়াব পাৰে, ভালপোৱা জনৰ কথা প্ৰকাশ কৰিব পাৰে, বেয়া পোৱা জনক কটু কথাৰে গালি পাৰিব পাৰে ইত্যাদি।
ঠিক সেইদৰে ডঃ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত হোমেন বৰগোহাঞি দেৱক হাজৰিকা দেৱৰ ওপৰত এখন কিতাপ লিখাৰ কথা কোৱা হৈছিল। হোমেন বৰগোহাঞি দেৱে পোনতেই এই প্ৰস্তাৱ নাকচ কৰি কৈছিল, তেওঁ যদি হাজৰিকা দেৱৰ ওপৰত এটা প্ৰবন্ধও লিখে, অসমৰ মানুহৰ হাতত গণ প্ৰহাৰত তেখেতৰ মৃত্যু হ'ব। কাৰণ ভূপেন হাজৰিকাই বৰগোহাঞি দেৱক টলষ্টয়ে গৰ্কীক ব্যৱহাৰ কৰাৰ দৰে কৰিছিল, অৰ্থাৎ নিজৰ ভিতৰৰ সকলো কথা ব্যক্ত কৰি নিজে মনে বিচৰাৰ দৰে এক আচৰণ কৰিছিল। গতিকে সেই সমূহ কথা যদি লিখিবলৈ যায়, অসমৰ মানুহে বৰগোহাঞি দেৱক বেয়া আচৰণ কৰিব। সকলোৰে হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকা দেৱ।
ঠিক সেইদৰে সকলো মানুহেই মনত একোটা চাপ লৈ থাকিব লগীয়া হয়। এই কথা নকওঁ আনে বেয়া পাব, এইটো নাখাওঁ আনে বেয়া বুলি ক'ব, এনে সমূহ কথা আমাক সৰুৰে পৰা শিকোৱা হয়। এটা সময় আহে, আমি নিজৰ মতে থাকিব বিচাৰোঁ, খাব বিচাৰো, শুব বিচাৰো, কিন্তু আমাৰ কাষৰ পৰিবেশটোয়ে সেই অনুমতি নিদিয়ে। আমাক এক চাপ দি ৰাখে। এই সকলো বোৰৰ পৰা দূৰ আমাক এজন বন্ধু বা বান্ধৱীয়ে কৰিব পাৰে।সেই বন্ধু বা বান্ধবী গৰাকী বিভিন্ন বয়সৰ হ'ব পাৰে। যাৰ ওচৰত আপুনি আপোনাৰ দৰে থাকিব পাৰে।
অভিনেতা অভিনেত্ৰী, সাহিত্যিক, ৰাজনীতিবিদ আদিৰ দৰে সমাজৰ উচ্চ স্থানীয় লোক সকলক সমাজৰ মানুহে অনুসৰণ কৰে, সেইবাবে তেওঁলোক সদায় ভাল হৈ থাকিব লাগে অৰ্থাৎ ভাল কথা ক'ব পাৰে, ভাল কাম কৰিব লাগে, তেওঁলোকৰ আচাৰ ব্যৱহাৰ আদি খং উঠিলেও প্ৰকাশ কৰিব নোৱাৰা আৰু দুখ লাগিলেও প্ৰকাশ কৰিব নোৱাৰা ধৰণৰ হ'ব লাগে। তেওঁলোকৰ মুখত সদায় এটা মৰমিয়াল, যুক্তিপূৰ্ণ কথাৰ সমাহাৰ হৈ থাকিব লাগে। এনে সমূহ কৰি কৰি এটা সময়ত নিজাকৈ থাকিবলৈ মন যোৱা হয়, তেনে সময়ত এজন বন্ধুৰ প্ৰয়োজন আহি পৰে। যাৰ ওচৰত জীৱনটো খুলি কটাব পাৰি।
সেই বন্ধুজন কিতাপ বা উকা কাগজো হ'ব পাৰে। উকা কাগজৰ সৈতে দিনটো কথা বতৰা, সুখ দুখ, আবেগ অনুভূতি আদিও ভাগ বতৰা কৰিব পাৰি। কিন্তু উকা কাগজ খনত আঁকি দিয়া শব্দ বোৰে কথা নকয় কিন্তু সেই শব্দবোৰে পঢ়ুৱৈ ৰ যোগেৰে কথা কোৱাই লিখোঁতা জনৰ সুখ, দুখ আবেগক সন্মান জনোৱা হয়। এইদৰে উকা কাগজ হৈ পৰে এজন বন্ধু। কিতাপ পঢ়াৰ অভ্যাসে এজন বন্ধুৰ স্থান লয়। কেতিয়াবা মনৰ দুখ, অনুভূতি ৰ উত্তৰ সমূহ কিতাপতে পোৱা যায়, তেনেকৈ কিতাপে বন্ধুৰ স্থান পূৰণ কৰে। আনহাতে আঙুলিৰ মাজত সুমুৱাই উকা কাগজ খন ৰঙীন কৰা কলমটোয়ে ও মৰম দিয়ে। কলমৰ মৰম বৰ আপুৰুগীয়া। গতিকে সিও বন্ধুত্বৰ স্থান ল'ব পাৰে। এইদৰে নিজক এক চাপ মুক্ত জীৱন উপহাৰ দিব পাৰি।
আপোনাৰ সন্তানটি আপোনাৰ বন্ধু হ'ব পাৰে বা সন্তানৰ বাবে অভিভাবক বন্ধু হৈ পৰিব লাগে। এনে বন্ধুত্ব সমাজৰ বা ঘৰ খনৰ বাবে খুবেই প্ৰয়োজন। সন্তানে মাক দেউতাকক আৰু মাকে দেউতাকে সন্তানক বুজি পোৱাত সহায় কৰা এই বন্ধুত্বই এখন ঘৰ সদায় সুন্দৰ কৰে। সেই ঘৰ খনৰ মানুহক মানসিক ভাৱে চাপ মুক্ত কৰে।
সেইবাবে চাপ মুক্ত জীৱনত এজন বন্ধুৰ খুবেই প্ৰয়োজন। যাৰ আগত নিজৰ মনৰ ভাব খুলি প্ৰকাশ কৰিব পাৰি, যাৰ ওচৰত নিজকে কেঁচুৱাৰ দৰে কৰি পেলাব পাৰি। গতিকে নিজেও এগৰাকী তেনে বন্ধু হওক আৰু আনকো উপদেশ দিয়ক তেনে বন্ধু হ'বলৈ, আৰু নিজৰ লগতে, আনকো চাপ মুক্ত দিনবোৰৰ উপহাৰ দিয়ক। বিভিন্ন উপায়েৰে নিজক এক চাপ মুক্ত কৰি আনন্দেৰে জীৱনটো অতিবাহিত কৰক।
@নীৰুজা বৰা
নগাঁও
Comments
Post a Comment