অনুভৱ



"দৰিদ্ৰতা জীৱনৰ হেঙাৰ স্বৰূপ"


         "দৰিদ্ৰতা হেঙাৰ কেতিয়াও হ'ব নোৱাৰে", এই কথাষাৰ সকলোৱে নিজ মুখৰে স্বীকাৰ কৰে বা উদাহৰণৰ সহায়ত বুজাই দিব পাৰে। হয়, এইষাৰ কথা মইয়ো এক মুখে স্বীকাৰ কৰোঁ। 

     কিন্তু দৈনন্দিন দেখি অহা , আমি আওকাণ কৰা কিছুমান কথাই, আমাক দেখুৱাই দিয়ে যে, দৰিদ্ৰতা, অকৃৎকাৰ্যতা, অসর্বলম্বিতা, গুৰুত্বহীনতাৰ এক কাৰণ । উদাহৰণ স্বৰূপে, আমি ঘৰৰ পৰা যেতিয়া বাহিৰ উলাও, তেতিয়া ৰিক্সা চালক বা ঠেলা চালক সকলক 'তই' বুলি সম্বোধন কৰোঁ। কম সংখ্যকেহে 'তুমি' বা 'আপুনি' বুলি সম্বোধন কৰে।  কিন্তু আপোনাক আপোন মানুহৰ বাহিৰে, এনেকুৱা মানুহৰ দ্বাৰা 'তই' বুলি সম্বোধন কৰাৰ অনুমতি দিবনে? নিশ্চয় নিদিয়ে।এইটো সম্ভৱ হৈছে, আপুনি ৰিক্সা চালক বা ঠেলা চালকৰ তুলনাত ধনী ব্যক্তি। ঠিক সেইদৰে, হোটেলত সুমাই, ৱেটাৰক মতাৰ চাৱনিও মানুহে প্ৰতি বেলেগ। কাৰণ তেওঁলোকো আপোনাতকৈ দুখীয়া। 

     আমি বাৰু এবাৰ মান ভাবি চাইছোঁ নে, এই সকল আৰ্থিক ভাৱে দুৰ্বল কিন্তু মানসিক ভাৱে তেওঁলোক আমাৰ দৰে একোজন মানুহ। আৱস্থা চাই আমি সৰু বৰ নিৰ্ধাৰণ কৰোঁ। এই কথা আমাৰ মাজত অতীজৰে পৰা চলি আহিছে।গতিকে আমি কেনেকৈ ক'ব পাৰোঁ যে দৰিদ্ৰতা  জীৱনৰ হেঙাৰ স্বৰূপ নহয়। কাৰণ দৰিদ্ৰ বাবেই আপুনি বেলেগত বা বেলেগে আপোনাক ব্যৱহাৰত বা সম্বোধনত তাৰতম্য কৰে। 

    এটা গল্পৰ আকাৰে লিখা সঁচা উদাহৰণ মই দেখুৱাব বিচাৰিম। লিখনিটো প্ৰথম পুৰুষত ব্যক্ত কৰা হৈছে।

     -----

           ৰাতিপুৱা খোজ কাঢ়োতে দেখিলো,ঘৰটোলৈ ল'ৰা কেইটামানে শিলগুটি দলিয়াইছে ।ভিতৰৰ পৰা মহিলাৰ মাতত অশ্লীল গালি।ঘৰ মানে ষ্টেচনটোৰ এটা উৱলি যোৱা ঘৰ।টিং বুলিবলৈ নাইয়ে,দুই এচটা লাগি আছে মাথো ।দৰজা খিৰিকীবোৰ নামতহে লাগি আছে।

          শিলগুটি দলিওৱা ল'ৰাকেইটাক অলপ ধমক দি খেদালো।মই অলপদূৰ খোজ কাঢ়ি আকৌ উভতি আহিছো।আহোতে ঘৰটোৰ সন্মুখত এজন চাপৰ ল'ৰাক দেখিলো।প্ৰথমে সৰু ল'ৰা বুলিয়ে ভাবিছিলো।ভালকৈ লক্ষ্য কৰোতে দেখিলো, ল'ৰাটো ডেকাই।মই আহি ৰূমত সোমায় গা ধুই স্টেচন পালো।আচলতে  সেই স্টেচন টোলৈ প্ৰথম আহিছো।তাকো কেইদিনমানৰ বাবে অন্য এজনে চুটী লোৱাত মোক কাম কৰিবলৈ দিছে।অৱশ্যে  আহিয়ে থাকিব লাগিব।

            ট্ৰেইন যোৱা পাছত এনেই পেপাৰখন চকু ফুৰাই আছো।এনেও ষ্টেচনটোত বেছি কাম নাথাকে, ট্ৰেইন এখনেই আৰু শেষ স্টেচন এইটো।কেতিয়াবা মাল গাড়ী আহে।তেনেতে অথনি দেখা চাপৰ ল'ৰাটো আহি মোৰ কাষত দেখোন।"চাৰ আপুনি ইয়ালৈ নতুনকৈ আহিছে নেকি?"এটা সৰু মিহি মাতেৰে ল'ৰাটোৱে ক'লে।মই ক'লো,অ' হয় অ', তোৰ নাম কি? মোৰ নিচিনা চাকৰিত ইমান মানুহ লগ পোৱা যায় 'তই' সম্বোধন টো কাক ক'ব লাগে জনা হৈ গৈছো। সি ক'লে ,'মোৰ নাম নাই'।মই ইমান শুধিব নিবিছাৰিলো। 

        এনেকৈৱে তাৰ লগত চিনাকি হৈছিলো।এতিয়া মই সেই ঠাইলৈ আহিলেই মোৰ লগত চকিত বহি লয় আৰু বাকি সময় খিনিত তাক মাৰি- কৰি কামত লগোৱা মানুহকিটাক নাম কাঢ়ি মাতি দম দেখুৱাই।মানুহে তাক সহজ সৰল পায়, কামত লগায়, ১০০ টকাৰ ঠাইত ৩০ টকা দিয়ে।সি যদি বেছি বিচাৰে, দুটা চৰ লগাই পঠিয়াই দিয়ে।মই আহিলে তাক চাবোন দিও গাধুবলৈ,খাবলৈ দিও ভালকৈ।সি মোৰ গাড়ীত বহিবলৈ বিচাৰে।মই কও ,কিয় ঐ? সি কয়,'ছাৰ এইটো অঞ্চলৰ মানুহক দেখুৱাই দিও,আপুনি মোৰ লগত আছে বুলি" মই আমোদ পাও।তাক উঠাও গাড়ীত।সি গাড়ীৰ গ্লাছ খুলি,যাকে দেখে তাকে নাম কাঢ়ি মাতে।ভাল লাগে তাৰ কাম বোৰ।

        মাকে তাক বহুত মৰম কৰে।তাক ভূতিয়া,ভূতিয়া কৈ মাতি ফুৰে।মাক জনিয়ে লোকৰ ঘৰত কাম কৰে,কিন্তু কামৰ বাবদ মানুহে সামান্য চাউল,কেৰুনিয়া মেৰুনিয়া নাৰিকল কেইটামান দিয়ে। মাকে নাৰিকল পালেই মোৰ বাবে ৰাখি থয়।মই যোৱালৈ সেইকিটা বেয়াও হয়।তাকে মানুহজনিয়ে মোৰ ওচৰলৈ আহি কাটি থাকে।মই কৰা সামান্য মৰম চেনেহ ৰ বাবে এই অতুলনীয় মৰম পাবলৈ সক্ষম হও।

        ভূতিয়াৰ ঘৰত আলহী আহে।শেষৰ ষ্টেচন হোৱা বাবে কোনোবা ভুলতে ৰেলত আহিলেও, কোনো আপত্তি নাই ,ভূতিয়াৰ ঘৰ আছে নহয়।তাৰ মাকে নিজে নাখাই ও খুৱাই , ঘৰত থাকিবলৈ দিয়ে।এন আৰ চি ৰ সময়ত ঘৰ এৰি ৰেলত গুচি অহা মানুহৰ বাসস্থান আছিল ভূতিয়াৰ ঘৰ খন।

        ভূতিয়াৰ কথা কি ক'ম আৰু, তাক কাম কৰোৱা কিটাই মদ এগাল খুৱাই পঠাই দিয়ে।এদিন এনেকৈ মদ খাই হাবিত সোমাই পৰি আছিল।তাত হাতী আহে সেই সময়ত।সি সাৰ পাই হাতীক দেখি হাতযোৰ কৰি "প্ৰভু আপোনাৰ ৰাস্তা সেইফালে "বুলি দেখুৱাই দিলে বোলে।হাতী কিটাই তাৰ ফালে নোচোৱাকে গুছি গ'ল ।শুনি আচৰিত হ'লো।এদিন বোলে তেনেকৈ মদ খাই ঘৰলৈ অহাৰ ৰাস্তা পাহৰি বাগানৰ মাজে মাজে গৈ আছিল ,তাতে এখন গাঁও পালেগৈ, গাৱৰ মাজৰ নামঘৰত ভাওনাৰ শেষত কৈল্যান গীত গাই আছিল ।ভূতিয়া নামঘৰ পোৱাত তাক ভাওৰিয়ালৈ যোগাৰ কৰা খানাৰ বাঢ়ি ৰোৱা খিনিকে খাবলৈ দিলে।সিও পেত ভৰাই খাই ,ৰাতি নাম ঘৰতে শুই থাকি ৰাতিপুৱাহে ঘৰলৈ আহে।এয়া তাৰ মুখত শুনা কথা।মোক এইবোৰ কথাই বৰ আমোদ দিয়ে।

        প্ৰায় এবছৰ মান সেইটো ষ্টেচন লৈ যোৱা নাই মই। কেতিয়াবা সেই ষ্টেচনৰ কোনোবা কাম কৰা মানুহলৈ ফোন কৰিব লগিয়া হ'লে মই তাৰ খবৰ লও।এদিন তেনেকুৱা মানুহ এজনে ফোন কৰি মোক ক'লে ,চাৰ ভুতিয়া মৰিল।বৰ দুখ লাগিল।মদেই চাগে তাক মাৰিলে।

       এমাহ মানৰ পাছত এদিন সময় উলিয়াই সেই ষ্টেচনৰ ফালে গ'লো।একমাত্ৰ কাৰণ আছিল তাৰ মাক নো কেনেকৈ আছে, এবাৰ বুজ লোৱাতো।প্ৰথমে সেই ঘৰটোৰ ফালেই খোজ ল'লো।মোক দেখি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে চিঞৰি শুধিলে,'চাৰ ক'ত যায়?' মই ক'লো, এই মানুহজনীক এবাৰ চাই আহো।

সি ক'লে, 'ছাৰ, পাগলী জনী নাই নহয়।ভুতিয়া মৰাৰ পাছৰ পৰা তাইক কোনেও ইয়াত দেখা নাই'

মই ক'লো,'মানুহক সহায় কৰা মানুহজনীক পাগলি বুলি ক'লা যে, তাইৰ গাতটো পাগলীৰ এটা লক্ষনো দেখা নাই'।

  সি ক'লে,"হয় ,ছাৰ 'ভূতিয়াৰ মাক পাগলী"  

                   --------

          গল্পটোৰ মাজেৰে 'ভূতিয়া' নামৰ মানুহজনৰ দৰিদ্ৰতা আৰু সৰলতাক  যে সকলোৱে দেখি শুনি নিজৰ কামত কম খৰছত ব্যৱহাৰ কৰিছে।আনকি তেখেতৰ মাককো মানুহে কম বেতনত ব্যৱহাৰ কৰি খেদিছে। এই সমূহ মানুহৰ আমাৰ ধনী শ্ৰেণীৰ মানুহৰ মাজত কোনো দাম নাই। নাই তেওঁলোকৰ প্ৰতি আমাৰ ব্যৱহাৰ ভাল হৈছে। আজি ভূতিয়া ধনীৰ ঘৰত জন্ম লোৱা হয়, তেওঁক সকলোৱে সন্মান কৰিলে হয়।

       'ভূতিয়া' মাথোঁ এক উদাহৰণ হে। এনেকুৱা বিভিন্ন মানুহ আছে, যি ভূতীয়াৰ দৰেই শোষিত। কিন্তু দৰিদ্ৰ হোৱা বাবে তেওঁলোকে এই কথাৰ প্ৰতিবাদ কৰাৰ পৰা বিৰত হয়।

     এই সমূহ নিৰাময়ৰ  এটা মাথোঁ উপাই, আমি আমাৰ নিজৰ মনোভাৱ উন্নত কৰিব লাগিব।বহল মনৰ গৰাকী হ'লেহে আমি এইধৰণৰ মানুহক ভাল ব্যৱহাৰ কৰিবলৈ পাৰিম। 

    নহ'লে, 'দৰিদ্ৰতা জীৱনৰ হেঙাৰ স্বৰূপ'  কথাষাৰ   প্ৰমাণিত হৈ, মানুহৰ মনত নানান বিৰূপ মনোভাব গা কৰি উঠিব।


@নীৰুজা বৰা 

২৩/৫/২০২১

পুৰণি লেখা

(২০১৮ চনৰ আগষ্ট মাহৰ অন্যযুগত প্ৰকাশ পোৱা মোৰ এটি লেখা)

মন্তব্য আগবঢ়াব লগতে share কৰিব।


Comments

Popular posts from this blog

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"