কবিতা
কবিতা
"নাৰী"
"মই নাৰী হ'ম"
যেতিয়া মই
মৃত দেউতাক ক'ম,
'পিতাই, বিয়া নাপাতিব ডাঙৰ আয়ে কষ্ট পাব'।
যি দিনা মই
আইৰ প্ৰথম স্বামীক ক'ম,
'তিৰোতা পুতলা নহয়, শোষণ নকৰিব'।
যি সময়ত মই
গাঁৱৰ দাদাসকলক ক'ম,
'কঁকাইহঁত, ককাই-ভনী সমন্ধত আঁচোৰ নানিব'।
যি অৱস্থাত মই
শাহু আইক ক'ম,
'মাই, ছোৱালী জন্ম দিয়াটো পাপ বুলি ৰঙা অঙঠা নিসিচিব'।
যি ক্ষণত মই
স্বামীক ক'ম,
'সিহঁত কেইজনীক পঢ়ালে, আপুনি সুখ পাব'।
যি শোকত
ওচৰ-চুবুৰীয়াক ক'ম,
'তাই কুলক্ষণী নহয়, তাইক মৰম দিলে মৰম পাব'।
ইত্যাদি।
ইত্যাদি।
ইত্যাদি।
দিন-ৰাতি ,আকাশ-পাতাল ভেদ কৰি
যদি মই ক'ব পাৰো,
প্ৰতিটো পলৰ নুফুটা শব্দ,
সেইদিনাই,
আৰু সেইদিনাই
এগৰাকী নাৰী হ'ম।
হয়,
'মই নাৰী হ'ম'।
নীৰুজা বৰা
Comments
Post a Comment