ব্যঙ্গ মিনিটৰ গল্প
ব্যঙ্গ মিনিটৰ গল্প
"জগেও ভাঙে, ৰঙেও ভাঙে"
ঘৰ আহি পাওঁতেই ল'ৰাটোয়ে সুধিলে, "মা, কেনে পালে?"
মাকৰ মুখৰ মাত নাই । মুখ খন গোমোঠা কৰি ইফাল সিফাল কৰি আছে।
দেউতাকে ল'ৰাটোক বেলেগ এটা কোঠালৈ মাতি আনি মাকে নুশুনাকৈয়ে কৈছে, "মাৰে, সিহঁতৰ ঘৰত চাহ কাপো নল'লে। ইমান সুন্দৰকৈ যতনাই দিলে মানুহ ঘৰে"।
দেউতাকৰ পৰা কি কাৰণে মাকে এনে খন কৰিলে জানিব নোৱাৰি, বাপেক-পুতেক দুয়োজন বিবুদ্ধিত পৰিল।
আচলতে আজি পুতেকৰ অনুৰোধত, পুতেকে আঁতৰৰ পৰা দেখি পছন্দ কৰা ছোৱালীজনী চাবলৈ মানুহ এঘৰলৈ গৈছিল।
মাকৰ অনিচ্ছা, কাৰণ ছোৱালীৰ ঘৰ খনৰ লগত তেওঁলোকৰ ষ্টেটাছ নিমিলে। তথাপি পুতেকৰ কথা পেলাব নোৱাৰি মানুহ ঘৰলৈ গ'ল। তেওঁলোক যাব বুলি দুদিনমান আগতেই ল'ৰাটোয়ে ছোৱালীৰ ঘৰ খনলৈ গৈ জনাই আহিছিল।
দৰিদ্ৰ হ'লেও ভদ্ৰ পৰিয়ালটোৱে তেওঁলোক যাব বুলি, ঘৰখনলৈ দুই এপদ নতুন বস্তু আনি, ঘৰ খন সজাই ৰাখিছিল।
কিন্তু কি কথা, ল'ৰাৰ মাকৰ মাত বোল নাই। মাত্ৰ আহিয়েই এষাৰ কথা ক'লে, "এই বিয়া নহ'ব"।
ল'ৰাটোয়ে আৰু বাপেকে কাৰণ সুধাত একো নামাতি গুজৰী গুমৰী থাকিল। তেনেকৈয়ে দুদিন গ'ল, দুয়োজন মানুহে মানুহজনীৰ পৰা একো উলিয়াব নোৱাৰিলে।
শেষত ল'ৰাটোয়ে প্ৰতিবাদ কৰি উঠিল, "যদি একো কাৰণ নাই, তেনেহ'লে মই তাইকে বিয়া পাতিম"।
এইবাৰ মানুহজনীয়ে ভয় খালে, দুয়োজনকে বহাই লৈ কিয় তেওঁ পছন্দ নকৰিলে আৰু সেই ঘৰ খনত চাহ কাপো কিয় নাখালে ক'বলৈ ধৰিলে।
"শুন, তহঁতে সেইখন ঘৰৰ পৰা তহঁতে কেতিয়াও ছোৱালী আনিব নোৱাৰ, সেইখন ঘৰৰ পানী টুপিও মই নাখাওঁ আৰু তহঁতকো খাবলৈ নিদিওঁ। এটা ঘিণ লগা বস্তু মই দেখি আহিলোঁ ঘৰ খনত"
মাকৰ কথাত বাপেক আৰু পুতেকে চিঞৰি উঠিল, "কি বস্তু?"
মানুহজনীয়ে এইবাৰ নাকটো কোচাই ঘিণ ভাব এটা মুখলৈ আনি লাহেকৈ ক'লে,
"ঐ সিহঁতৰ ঘৰৰ নতুন পানীৰ জগটোৰ ৰং , আমাৰ ঘৰৰ লেট্ৰিনৰ মগটোৰ ৰং একেই। বাপেৰে সেইবোৰ দেখিলে হে। মই দেখিলো বুলিহে , যি ঘিণ লাগিল, তাতেই বমিৰ ভাব এটা আহিছিল"।
নীৰুজা বৰা
নগাঁও
২১/৫/২০২১
Comments
Post a Comment