গল্প
গল্প
"নগঞানী"
"ঐ নছোঁৱালী, আমাৰ দুখীয়া প্ৰজাৰ ফালে এদিন পাক এটা মাৰিবি দেই"।
মানুহজনী ঋতুমতী হোৱাৰ সাতদিনৰ দিনাই বিয়াত বহিছিল।বিয়া মানে বৰ বিয়া।দৰা একেবাৰে উত্তৰ পাৰৰ । বিয়া খোৱা মানুহে কাণে কাণে কৈছিল,'দৰাটো সাতদিনতে ইমান দূৰৈৰ পৰা কোনে ধৰি আনিলে বা'!
কোনোবাই কৈছিল, 'বাপেকটো অলৈ তলৈ ঘুৰি ফুৰে নহয়, পছন্দই কৰি থৈছিল হ'ব পাই'।
কোনোবাই একৌ হাবিঐ কাহিছিল,'ছোৱালী মাটিত বিছনা পৰা দিনটোলৈহে চাই আছিল হ'ব পাই, ল'ৰা ধৰিলে তাকো উত্তৰ পাৰৰ'।
যিয়ে নহওক মাকজনীয়ে বুকুত শিল এচপৰা তাইক দি আৰু নিজেও লৈ ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিলে , একেবাৰে উত্তৰ পাৰলৈ। তেতিয়া নদীখনৰ ওপৰত দলংখনো নাছিল।দিনটোত দুই টাইম ফেৰী আহিছিল।গতিকে আবেলিৰ ফেৰীতে দৰাই, কইনাক লৈ ঘৰলৈ উভটিছিল। লগত দুজন মান সমন্ধীয় মানুহ।ফেৰী পাৰহৈ ঘৰখন পোৱা হ'লে ভালেই আছিল। কিন্তু দুখন বাছ সলাব লাগে।আকৌ তাৰ উপৰি এক মাইলমান খোজ কাঢ়ি বাট বুলিছিল। তেতিয়াহে দৰাৰ পদূলি পাইছিল।
সেইদিনাৰ পৰা তাই সেইখন গাঁৱৰ বোৱাৰী হ'ল আৰু তাইৰ নামটো 'ফেচৌ' গুচি নগঞানী হ'ল।উত্তৰ পাৰৰ মানুহে নগাঁৱৰ ছোৱালীজনীক নগঞানী বুলি আদৰি ল'লে।ফেচৌয়ে বুজা নুবুজাকে আনন্দ পালে।
ফেচৌ নামটো তাইক বাপেকেই দিয়া,,সৰুতে সকলোৱে ফেচি বুলি জোকাইছিল।এদিন বাপেকে স্কুলত নাম লিখিবলৈ গৈ,যেতিয়া তাইৰ নাম লিখিব লগীয়া হ'ল, তেতিয়াহে চিন্তা আহে ছোৱালীজনীৰ দেখোন নামেই দিয়া হোৱা নাই।প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে সুধিছিল,'তেতিয়াহলে তাইক কি বুলি মাতে?"।বাপেকে ক'লে, "ফেচি" বুলি।তেতিয়া প্ৰধান শিক্ষয়িত্ৰীয়ে ক'লে,"তেতিয়াহে'লে তাইৰ নাম আজিৰ পৰা 'ফেচৌ'।" এই নামটোৰ বাবেই তাই এদিন স্কুল যাবলৈ এৰি দিছিল।সবেই তাইক এই নামটোৰ বাবেই জোকাইছিল।
মিচিক-মাচাক হাঁহিৰে নগঞানীয়ে শাহুয়েকৰ পাছে পাছে কাম কৰি ফুৰে।দুই এটা কাম শিকিছেহে। শহুৰেকো বিছনাতে , মাজে মাজে দুই এটা বস্তুৰ যোগাৰ দিয়াৰ উপৰিও হাত ভৰি মালিছো কৰি দিয়ে।এফালে গিৰিয়েকে মাটিলেই তাইৰ কোঠালৈ দৌৰিব লাগে,ন'হলে টেঁটুফালি মৰে।শাহুয়েকে চিঞৰে,,'ঐ নগঞানী, কি কৰিছ? কাম তাতে পেলাই তাৰ ওচৰলৈ যা। চেঙেলীজনীক এৰিবই নোৱাৰা হ'ল সি"।
এনেকৈয়ে দিন বাগৰিছিল। নগঞানী নিজৰ ঘৰখনলৈ বছৰেকত এবাৰহে যোৱা হয়।এতিয়া এইখনেই তাইৰ আপোন ঘৰ হ'ল।
তাই এটি সন্তানৰ মাক হোৱাৰ পাছতেই শাহুয়েক-শহুৰেক দুয়োজনে ইহসংসাৰৰ পৰা বিদায় ল'লে। এতিয়া নগঞানীয়ে ঘৰখনৰ গুৰিধৰোঁতা।দায়িত্বও বাঢ়িল।ইফালে গিৰীয়েকেও খেতিবাতিত মন নিদিয়া হ'ল ।আনকি ৰাতিও দেৰিকৈ ঘৰ সোমাবলৈ ধৰিলে।এনে সময়তে নগঞানী দ্বিতীয় বাৰৰ বাবে গৰ্ভৱতী হ'ল। গিৰিয়েকটো আগতকৈও বেছিকৈহে বেয়া হবলৈ ধৰিলে।খেতিৰ মাটি কিপুৰাও বেছি তহিলং কৰিলে।নগঞানীয়ে এইবোৰৰ বিৰোধিতা কৰিলেই তাইক মাৰধৰ কৰিবলৈ ল'লে।
তেনেতে ঘৰখনলৈ আনটো পুত্ৰৰ আগমন ঘটিল। ল'ৰাৰ জন্মৰ ছমাহৰ পাছতে নগঞানীক ঘৰৰ পৰা বাপেকটো আহি কেইদিনমান থাকিবলৈ লৈ গ'ল।
শাহুয়েক-শহুৰেক মৰাৰ দিন ধৰি নগঞানী মাকৰ ঘৰলৈ যোৱাই হোৱা নাছিল।সেইবাৰ ছমাহ দিন কটালে।অৱশ্যে দীঘলীয়া বাটকুৰি বাই কেনেকৈনো অকলে আহে তাই। সেইবাৰ ভায়েক দুটাই তাইক ঘৰত থ'বলৈ আহিল।
ঘৰ পাই মানুহটোৰ স্বভাৱ আগতকৈও বেছিকৈহে বেয়া দেখিলে। কেইদিনমান পাছত কথা গৈ বিষম হ'ল।মানুহটোৱে বেলেগ এজনী তিৰোতা আনি ঘৰ সুমুৱালে।নগঞানীক ঘৰৰ পৰা উলিয়াই দিলে।গাঁৱৰ ৰাইজ গোট খালে,,সকলোৰে পৰামৰ্শ মতে তাইক চকুপাৰি দেখিব নোৱাৰা গিৰীয়েকটোৱে বাৰীৰ চুকতে থাকিবলৈ দিলে।দুই এজন মানুহ লগাই ঢকুৱাৰে বেৰা ঘৰ এখন ঠিক কৰি দিয়া হ'ল।শিল পৰা কপৌৰ দৰে নগঞানী সেইদিনাৰ পৰা এলাগী হ'ল।
ঢকুৱাৰ জুপুৰিটোত নগঞানীৰ নতুন জীৱন আৰম্ভ হ'ল। সৰু পোনা দুটিক বুকুত বান্ধি জীবলৈ ধৰিলে।তাইৰ ঘৰৰ মানুহেও বহু দিনলৈ খবৰেই পোৱা নাছিল। অহা যোৱাৰ অসুবিধাৰ বাবেই খবৰ বাতৰিও দেৰিকৈহে পাই। গাভৰু নগঞানীৰ ওপৰত শৰীৰ আকলুৱা কিছুমান মুখা পিন্ধা ভদ্ৰ মানুহৰ চকু নপৰাকৈ থকা নাছিল।ৰাতি বিয়লিহে নগঞানীৰ খবৰ বাতৰি ল’বলৈ সময় পাইছিল। নিজৰ গিৰিয়েকৰ এইবোৰ একোলৈ ভ্ৰূক্ষেপ নাই, নতুন ঘৈণীয়েকৰ লগত ব্যস্ত।কেতিয়াবা মাতিলেও কেৰাহিকৈও নাচায়।ল'ৰাকেইটাক মাজে সময়ে মৰম কৰিবলৈ বিচাৰে যদিও নতুনজনীৰ কেৰাহীচাৱনিত ভয় কৰি আঁতৰি যায়।নগঞানীয়ে ল'ৰাকেইটাৰ পেট পুহিবলৈ লোকৰ ঘৰত ধান জৰা,চাউল জৰা, বিয়াই বাৰুয়ে পিঠা-পনা বনোৱা , সান্দহ গুৰি খোন্দা কামবোৰ কৰিবলৈ ধৰিলে।কাৰণ মানুহটোৱে পামৰ খেতিৰ পৰা দিয়া চাউল কেইটাই একোৱেই জোৰাব নোৱাৰে। লাহে লাহে গাভৰু নগঞানীৰ দেহটোৰ লোভ বাঢ়ি আহিবলৈ ধৰা গাঁৱৰ কাপুৰুষ কেইটাৰ পৰা তাই শান্তি নোপোৱা হ'ল।ৰাতি ৰাতি বেৰত হেঁচা বাঢ়ি আহিবলৈ ধৰিলে।ল'ৰা কেইটাক বুকুত বান্ধি ভয়ে ভয়ে নগঞানীয়ে ৰাতিটো পাৰ কৰে।
কেতিয়াবা ওচৰৰ শাহু বয়সৰ বুঢ়ী দুগৰাকী মানক কথাটো কয়।কিন্তু কি হ'ব!
উত্তৰত আহে,'অ' আই, হৰিণাৰ মাংসই বৈৰী ,কি কৰিবি, এইবোৰ আহিবই নিজকে সাৱধানে চলাবি, গিৰিয়েৰটোকো হাতৰ মুঠিত ৰাখিব নোৱাৰিলি'। কিন্তু সহিব নোৱাৰা অৱস্থা পাইছিল।কেতিয়াবা কি ঘটনা হয় ঠিক নাই।তাৰ আগতেই নগঞানীয়ে মুখ খুলিলে।নকৰা কাম কৰিবলৈ ধৰিলে।ৰাতি ৰাতি তাই বিড়ি হুপি ,, অসভ্যৰ দৰে চিঞৰি গালি পাৰি গছৰ পাত সৰাইছিল।ভয়ত সকলো পলাইছিল। তেতিয়াৰ পৰা নগঞানীয়ে দুখ ভয় সকলো আঁতৰাবলৈ ৰাতি ৰাতি বিৰি হুপিবলৈ ধৰিছিল।নিজকে মতা মানুহৰ দৰে সাজিবলৈ চিঞৰি চিঞৰি কথা কৈছিল।কোঠাৰ হাতত লৈ বাৰীত খৰি ফালিছিল।দৰকাৰ হলে নিজৰ ঘৰৰ চালিত উঠি চালি সজাৰ কাম কৰিছিল। এনেকৈয়ে নগঞানীয়ে পোনা দুটিক ডাঙৰ কৰিছিল। নগঞানী সেই আগৰ লাজুকী লতাৰ পৰা শুকান কাঠ খৰি হৈ পৰিছিল।
দিন বাগৰিল সতিনীয়েকৰ ঘৰখনো ভৰি পৰিল এটা ল'ৰা আৰু এজনী ছোৱালীয়ে । নগঞানীৰ ল'ৰা দুটা ডাঙৰ হ'ল। সিহঁত ডাঙৰ হওঁতেহে নগঞানী গৈ বাপেকী ঘৰখনত দুদিন থাকিবলৈ গ'ল।ঘৰলৈগৈহে দেখিলে ইতিমধ্যে নদী খনৰ ওপৰত দলংৰ কাম কিছুপৰিমানে আৰম্ভ হৈছে। এমাহ দিন থাকি নগঞানী আকৌ উভটিল।
ক্ৰমান্বয়ে ল'ৰা দুটাৰ চকুলৈ চাই মনত সাহ বঢ়াই আগুৱাই নিয়া সংসাৰখনত আন এটা সমস্যাই দেখা দিলে। ডাঙৰ ল'ৰাটোৰ কাল জ্বৰে দেখাদি এমাহ ধৰি ভোগালে।নগঞানীৰ পানীত হাঁহ নচৰা অবস্থা।শেষত উপযুক্ত চিকিৎসাৰ অভাৱত ল'ৰাটো নোহোৱা হ'ল। দুখৰ বোজাই হাৰাশাস্তি কৰিলেও, সৰু ল'ৰাৰ মুখলৈ চাই বুকু ডাঠ কৰি আকৌ এবাৰ নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ ল'লে। বিড়ি, চাধা নহ'লে যে পেটলৈ ভাতেই নোযোৱা হ'ল। যেনেতেনে সৰু ল'ৰাটোক খুটি খাব পৰা কৰি তুলিলে।
যদিও নগঞানীৰ দুখেৰে সাৰ্জিত দেহাটো লৈ জীয়াই থাকিল, নিজৰ চাফ চিকুণতাৰ ওচৰত যেন কোনো টিকিব নোৱাৰা কৰি ৰাখিলে। ল'ৰাটো খুটি খাব পৰা হওঁতে সেই বাৰীৰ চুকটো এৰি পুখুৰীৰ এটাৰ কাষত থকা চুৰাপাতনী দৰা চাফ-চিকুণ কৰি বাঁহেৰে ঘৰ এখন সাজিলে।সেই বাৰীখন নগঞানীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল।। দুখবোৰ পাহৰিবলৈকে নেকি তাই পুৱা বেলি দেখা আগতেই চোতালমচি ভাত খাব পৰা কৰি তোলে। কুৱাৰ পাৰ জেতুকাৰ তল দেখিলেই মন জুৰোৱা।
নুমলীয়াটোয়ে বিয়া পাতিলে।কিন্ত নগঞানী বোৱাৰীৰ লগতো নাথাকিল।নিজৰ চাফ চিকুণতাৰ লগত বোৱাৰীকো মিলাব নোৱাৰে।নিজৰ বাপেকি সম্পত্তি হিচাপে লগত অনা পেৰাটো আৰু কাঠৰ শেতেলিখন লৈ ঘৰতে এটা কোঠাত অকলশৰীয়াকৈ থাকিল।
এটা সময়ত চাৰিটা নাতিৰে ভৰা এখন সুখৰ সংসাৰ হ'ল। কিন্তু নগঞানী জানো সুখী।কম সুখতনো নগঞানীয়ে দীঘলকৈ বিড়িটো হুপে নে?
গল্পৰ লেখিকাক নগঞানীয়ে এদিন কৈছিল,"ঐ নছোৱালী আমাৰ দুখীয়া প্ৰজাৰ ফালে এদিন পাক এটা মাৰিবি দেই"।
যেতিয়া লেখিকা গৈছিল নগঞানীৰ ফু-মাৰি ভাত খাব পৰা চোতালখন দেখি অবাক হৈ ৰৈছিল।সেইয়া আছিল মাৰ্বলতকৈও পৰিস্কাৰ। নগঞানীৰ পুৰণি ঘৰখনো চাই আহিছিল।তাত স্বামী তেতিয়াও আছিল, দ্বিতীয়া পত্নীৰ মৃত্যু হৈছিল। নগঞানীৰ মনত নাই কোনো আক্ষেপ, নাই কোনো অভিমান।
আজি নগঞানী নাই ,আছে মাথোঁ তেওঁৰ দুখৰ গাঁথা মানুহৰ মুখত আৰু এনেদৰে গল্পৰ চোতালত।
@নীৰুজা বৰা
২১/১/২০১৮
তিনিবছৰৰ আগতেই লিখা মই ভালপোৱা গল্পটো। এটা সঁচা কাহিনী আঁত ধৰি।
Comments
Post a Comment