গল্প

 গল্প


"উপনাম"


   বাৰীৰ সৰু পুখুৰীটোত সেইবাৰ বেছি মাছ নোলাল , তথাপি দেউতাৰ তাগিদা, 

  "ডাঙৰ বায়েৰক মাছ কেইটামান দি আহ যা।"

   ইফালে মোৰ পঢ়াৰ কাম শেষেই হোৱা নাই। পুৱাতেই গৰু কেইটালৈ দেউতাৰ লগত হাললৈ নগ'লে নহয়। গতিকে পুৱা কিতাপত হাত দিয়াটো সপোনৰ অগোচৰ। আবেলি যি কণ সময় পাওঁ , ৰজনী শইকীয়া ছাৰে, পঢ়াই দিয়া ইংৰাজী পাঠটোৰ অসমীয়া ভাঙনি সমূহ কৰিবলৈ , মহেন্দ্ৰ ককাইদেউৰ পৰা অনা কেইটামান পৃষ্ঠাৰ বাহিৰে বাকী সকলো পৃষ্ঠা জহি খহি যোৱা ইংৰাজী অভিধান খন মেলি লওঁ।

"ঐ, বোপাই, সোনকালে নাযাৱ কিয়? বাট এছোৱা নাই জানো, আজি আহিব নালাগে, কাইলৈ পুৱাতেই স্কুল পোৱাকৈ ঘূৰি আহিবি",

দেউতাৰ অবাধ্য আজিলৈকে হ'বলৈ সাহ কৰা নাই।কিয়নো অবাধ্য হ'ব লাগে। দেউতাই, যি কৰিছে বা কয় সদায় আমাৰ ভালৰ বাবেই হয়।

  মায়ে জতনাই দিয়া মাছৰ কলহটোৰ লগতে, বাৰীৰ তামোল, নেমু, কাচকল দুআশী, বেহুৱাৰ টোপোলাটো আন এটা মোনাত ভৰাই ল'লো। কেৰিয়াৰত ইংৰাজীৰ কিতাপখন কাপোৰেৰে মেৰিয়াই লৈ বাইদেউৰ ঘৰলৈ যাবলৈ ওলালোঁ। বাইদেউৰ ভিনদেউ এজন নামি অধিবক্তা।লগতে সেই ঠাইৰ চোকা ল'ৰা বুলি খ্যাত। গতিকে মই মোৰ ফটা অভিধানখন নিনিলেও হ'ব। তেখেতেই সকলো শিকাই দিব পাৰিব।

     প্ৰায় পাঁচ মাইল মান বাট কুৰি বাই, চাইকেল চলাই, ফুট গধূলিৰ সময়ত বাইদেউৰ ঘৰ পাওঁ পাওঁ হওঁতেই মোৰ চাইকেলৰ আগ চকাৰ বায়ু উৰিল। উপায় নাপাই চাইকেলখন টানি টানিয়ে আগবাঢ়িলোঁ। তেনেতে গাঁৱৰে চিনাকি এজনে মোক প্ৰত্যক্ষ কৰি, 

  "ঐ, তই উকিলৰ খুৰশালিয়েক নহয় নে? কি হ'ল, চকাৰ বায়ু উৰিল হ'বলা। সেই পকী ঘৰটোত সোমাগৈ যা। সিহঁতৰ ঘৰত পাম্প এটা আছে, এতিয়া সেইটো ৰাজহুৱা হৈছে গৈ"। মানুহজন সেই গাঁৱৰে ।বাইদেউৰ ঘৰলৈ আহি আহি চিনাকি হৈ গৈছে। মনতে ভাবিলো পাম্পটো কৰাই লৈ যোৱাটোয়ে উচিত হ'ব। কাইলৈ আকৌ পুৱাতেই উভতিব লাগিব যেতিয়া ।

     কথাটো মনতে আওৰাই, মানুহজনে দেখুৱাই দিয়া পদূলিটোৰ ফালে আগবাঢ়িলোঁ। ইফালে নামঘৰৰ পৰা ডবাৰ শব্দ আহিলেই।

"গৃহস্থ আছে নে?",

মোৰ মাত শুনি ঘৰখনৰ আদহীয়া মহিলাগৰাকীয়ে হাতত ধূনাৰ মলা লৈ ওলাই আহিল।

:কোন অ' এইটো, এই কাল সন্ধ্যাখন!

:মই,বেবেজিয়াৰ, ইয়াত বাইদেউৰ ভিনদেউৰ ঘৰলৈ আহিছোঁ, আপোনালোকৰ ঘৰত চাইকেলৰ পাম্প আছে বুলি সোমালো।

:হে প্ৰভু, মাতটো ধৰিব পাৰিছোঁ ৰ, তই বেবেজিয়াৰ মাধবিৰ ভায়েক নহয় জানো। কিয় মোক ধৰিব পৰা নাই! মই চেনেহী বাইদেউ, আহ আহ চাইকেল তাতে ষ্টেণ্ড কৰি সোমাই আহ"।

    তেতিয়াহে মনত পৰিল, হয়তো এইটো চেনেহী বাইদেউৰ ঘৰ, আন্ধাৰত ধৰিবই পৰা নাছিলোঁ। মোক কথা খিনি কৈ, চেনেহী বাইদেউ গোঁসাই থাপনাৰ ওচৰলৈ গৈ, মলাটো আগবঢ়াই প্ৰাৰ্থনা জুৰিলে।

মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো

ৰসময় মাগোহো ভকতি |

সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য...............


  তেনেতে ভিতৰৰ পৰা কোনোবাই মতা যেন লাগিল, মই কাণ দিলোঁ, 

  "হেৰা খুৰশালি সোমাই আহা হে, বাইদেউৰাই দীঘলীয়া ঘোষা জুৰিলে, তুমি ৰৈ ৰৈ আমনিহে পাবা"।

    মাতটো শুনি চেনেহী বাইদেউৰ ভিনদেউয়ে মাতা বুলি জানি, চাইকেলখন চোতালতে থৈ ভিতৰলৈ সোমাই গ'লো।

   ভিনদেউয়ে হাতত কিতাপ এখন লৈ আছে। মই যোৱা দেখি, চচমা যোৰৰ ওপৰেৰে মোৰ ফালে চাই, মিচিকিয়াই ক'লে, "আহা, বহি লোৱা"।

মই ভিনদেউক নমস্কাৰ জনাই, কাষতে থকা সৰু বেতৰ চকীখনত বহিলোঁ।


"ডাঙৰ চকী খনত বহা, কিয় তাত বহিলা",


 ভিনদেউৰ কথাত "হ'ব ভিনদেউ " বুলি ক'লো। এটা অভ্যাস মোৰ, ডাঙৰৰ লগত একে শাৰীতে বহিবলৈ আপচুচ কৰোঁ। মোৰ বাবে জ্যেষ্ঠজনৰ ওচৰত,  ই এক সন্মান। 

ভিনদেউয়ে আমাৰ ঘৰৰ খা -খবৰ ল'লে, এপাকত তেওঁলোকৰ ল'ৰাজনক পাম্পটো আনিবলৈ দিলে। বাহিৰৰ লাইটটো জ্বলাই মই আৰু ল'ৰাজনে চাইকেলৰ চকা দুয়োটাতে পাম্প মাৰিলো।মাজতে ভিনদেউয়ে ল'ৰাজনক ক'লে, "বাবা, এইয়া মামা দেই, তোৰ কাণ সমনীয়াই মামাজন"। সি মোৰ মুখলৈ চাই, মিচিকিয়ালে।

    ভিনদেউহত আঢ্যৱন্ত পৰিয়ালৰ।পকীঘৰ, লগতে কাৰেণ্টৰ সুবিধা আৰু আন আচবাব সমূহো মোৰ চকুত লাগিল। আমাৰ ঘৰত কাৰেণ্টৰ সুবিধাকণৰো অভাৱ, গতিকে সেইদিনা লাইটৰ পোহৰত থাকি কিমান আনন্দ লাগিল মোৰ মনেহে জানিলে । 

    ইতিমধ্যে চেনেহী বাইদেউ গোঁসাই ঘৰৰ পৰা, ৰান্ধনী ঘৰলৈ গৈছিল। তেওঁলোকৰ ছোৱালী এজনীও আছে, তেওঁ মোতকৈ বয়সত যথেষ্ট  সৰু। মোৰ মনতে এটা ভাব আহিল, এই ল'ৰা -ছোৱালী দুয়োটাই বাৰু কি খাই জন্ম লৈছিল, লাইটৰ পোহৰত আৰু  পকী ঘৰখনত থাকিবলৈ পাইছে।কথাটো ভাবি নিজৰেই হাঁহি উঠিল। নিজৰ অৱস্থাটো চালোঁ, সাতোটা ল'ৰা ছোৱালীৰে আমাৰ ঘৰ খনত দেউতা শিক্ষক হ'লেও, কিমান বস্তু যোগাৰ দিব? তিনিজনীকৈ বাইদেউ, ভনী দুজনী আৰু ভাইটো এই সকলো এটা চাকৰিৰ ওপৰতে নিৰ্ভৰশীল। খেতি মাটি অলপ সৰহকৈ থকাৰ বাবে, কিছু সকাহ হয়। বাইদেউ দুজনীক বিয়া দিলে যদিও আলহী অতিথিৰ আগমন বাঢ়িল। তথাপি আমি একো অভাৱ পোৱা নাই। কিতাপৰ অভাৱটোও ওচৰৰ দাদা-বাইদেউহতৰ পৰা পূৰণ হয়। বিদ্যালয়তে মই ভালকৈ বুজি আহোঁ বাবে, মোৰ বেছি অসুবিধা নহয়। এনেদৰেই এতিয়া নৱম শ্ৰেণী পালোহি। কেৱল কষ্ট কৰিবলগীয়া হয়। হালৰ দিনত পুৱাই হাল বাবলৈ যাব লগা হয়। ঠিক সেইদৰে ধান কটা দিন কেইটা, মৰণা মৰাৰ পৰা ধান ভঁৰালত সোমোৱালৈকে দেউতাৰ লগতে থাকিব লগীয়া হয়।

"বোপা, এইয়া ল", গিলাচ এটাত গাখীৰ পানী আৰু লগতে খোলা চাপৰি পিঠা দুটা আনি চেনেহী বাইদেউৱে মোক যাছিলে। মইয়ো আথে বেথে হাত খন পেন্টতে মচি, বাইদেউৰ হাতৰ পৰা বস্তু কেইপদ ল'লো।

ভিনদেউৰ ওচৰতে সেই সৰু বেতৰ চকী খনত বহি  খৰ খেদাকৈ খোৱাত লাগিলোঁ।

গাখীৰ পানী খিনি মুখত দিওঁতে এটা বেলেগ সোৱাদ পালোঁ। খাই শেষ কৰি ভাবিলোঁ, এয়াটো গাখীৰ পানী নহয় , মোকনো কি খাবলৈ দিলে। কিন্তু খাই খুব ভাল পালো।  বাইদেউ, ভিনদেউ আৰু ল'ৰা ছোৱালী হাল মোৰ ওচৰতে বহি, তেওঁলোকেও সন্ধিয়াৰ আহাৰ লৈছিল। মই অৱশ্যে আনলৈ নাচাই খোৱাত লাগিছিলোঁ। কাৰণ ইতিমধ্যে মোৰ ডাঙৰ বাইদেউৰ ঘৰলৈ যাবলৈ পলম হৈছিল। 

     সৰুৰে পৰা মোৰ এটা অনুসন্ধিৎসু মন আছিল। সকলো কথাতে নজনাটো সুধি বা শিকি হে শান্তি পাওঁ। খোৱা বস্তুৰ লগতো ইয়াৰ ব্যতিক্ৰম নাছিল। 


:"বাইদেউ, মোক দিয়া গাখীৰপানী খিনি, ভাল লাগিল খাই।কিন্তু গাখীৰ পানী নহয় যেন লাগিল!",

  মোৰ কথাটো শুনি তেওঁলোক চাৰিওজনে এজনে আনজনৰ ফালে চালে। ল'ৰা-ছোৱালী দুয়োটাই অলপ ডাঙৰকৈ হাঁহিয়েই দিলে।

    মই অলপ অবাক হ'লো।ইতিমধ্যে মই যাবলৈ থিয় হৈছিলোয়েই।এপাকত বাইদেউয়ে লাহেকৈ ক'লে, "সেইয়া হৰলিকছ অ', তই আগতে খোৱা নাই নেকি?"

মই লাহেকৈ ক'লো, "নাই খোৱা, বাইদেউ"

হাঁহি থকা ল'ৰা ছোৱালী হাললৈ চাই ভিনদেউয়ে চকু পকাই ধৰিলে। মইয়ো নতুন বস্তুৰ এটাৰ সোৱাদ মুখত লৈ বাইদেউহতৰ পৰা বিদায় ল'লো।

    এনেকৈ অভাৱ-অনাটনৰে ক্লাছ নাইনত পঢ়া মই মেট্ৰিকৰ দেউনা পাৰ কৰি, এদিন অৰ্থনীতিক মূল বিষয় হিচাপে লৈ প্ৰথম বিভাগত স্নাতক হ'লো।

    দেউতাক কাকুটি-মিনতি কৰি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰা সিদ্ধান্ত এটি লৈ, গুৱাহাটীলৈ যাবলৈ ওলালোঁ। যোৱাৰ আগতে দেউতাৰ আদেশ মৰ্মে, তিনিজনী বিয়া দিয়া বাইদেউৰ ঘৰত মাত এটা লগাই আহিবলৈ গ'লো।

   গুৱাহাটীলৈ যোৱা দুদিন আগতেই ডাঙৰ বাইদেউৰ ঘৰলৈ চাইকেলৰে গৈ আছিলোঁ। সেইদিনা বাটতে চেনেহী বাইদেউৰ ভিনদেউক লগ পালো। চাইকেলৰ পৰা নামি ভিনদেউৰ খা -খবৰ ল'লো। ভিনদেউয়ে মোৰ পঢ়াশুনাৰ বিষয়ে সুধাত, মই বিশ্ববিদ্যালয়লৈ যোৱাৰ কথা ক'লো। ভিনদেউ আনন্দত আত্মহাৰাহৈ মোক চেনেহী বাইদেউক দেখা কৰি যাবলৈ একপ্ৰকাৰ জোৰেই কৰিলে। ময়ো কথা পেলাব নোৱাৰি, ভিনদেউৰ লগতে চেনেহী বাইদেউক দেখা কৰিবলৈ ঘৰলৈ সুমাই গ'লো। ভিনদেউয়ে মোক সন্মুখৰ কোঠাতে বহিবলৈ দি ভিতৰৰ কোঠালৈ সুমাই গ'ল। তাৰ পাছতে চেনেহী বাইদেউ ওলাই আহি মোৰ চুলিত হাত বুলাই চকুৰ পানী টুকি ক'লে,

   "বোপা, বায়েৰৰ ঘৰলৈ আহিলে, এইজনী বায়েৰক এবাৰ দেখা কৰিব নোৱাৰ? এতিয়া ইমানটো হ'লি, সৌ সিদিনা পাম্প কৰিবলৈ সুমাই যোৱা নাছিলি জানোঁ "। মই বাইদেউৰ ভৰিত ধৰিলোঁ। বাইদেউৱে মূৰত হাত বুলাইয়ে ক'লে, "আশীৰ্বাদ কৰিছোঁ, তই আগবাঢ়ি যা"।

তেনেতে ল'ৰা -ছোৱালী হালৰ সৈতে ভিনদেউ ওলাই আহিল । ল'ৰা ছোৱালী হাল বহু  ডাঙৰ  হ'ল।

ভিনদেউয়ে সিহঁতৰ ফালে চাই ক'বলৈ ধৰিলে, "বাবা - মইনা, তহঁতে এইজন কোন চিনি পাইছ নে নাই, তহঁতে যে 'হৰলিকছ মামা' বুলি কৱ, সেইজনয়েই, প্ৰথম শ্ৰেণীৰ স্নাতক।তহঁতক ইমান সুবিধা দিয়াৰ পাছতো, আনে খাই নোপোৱা বস্তু তহঁতক খুৱাইও মোৰ বাৰু কি লাভ হ'ল, মইনাই এইবাৰৰ সৈতে দুবাৰ মেট্ৰিক দিওঁ পাছ কৰিব নোৱাৰিলে আৰু বাবাইটো পঢ়াই এৰিলে।"

  মই মৌন হৈ কথাবোৰ শুনি গ'লো । কিন্তু 'হাৰলিকছ মামা', বুলি কোৱা কথাটো বুজি নাপালোঁ। মই একো নুসুধোতেই ভিনদেউয়ে মোৰ ফালে চাই আকৌ ক'লে, 

"বুজিছা নে, তুমি সেইদিনা হৰলিকছ চিনি নাপাওঁ বুলি কওতেই , ইহঁতে তোমাক এটা উপনাম লগাই কথা কোৱা হ'ল, 'হৰলিক্স মামা বুলি'। মই নিশ্চুপ হৈ আছিলোঁ, ইহঁতৰ কাণ্ড কাৰখানা দেখি, আজি মুখ খুলিছোঁ"। 

   ভিনদেউৰ কথাবোৰ শুনি হাঁহি উঠিল । মোক উপনাম দিলে অথচ মই আজিহে গম পালোঁ। বাইদেউৱে দিয়া চাহ জলপান খাই, ভিনদেউৰ লগত দুআষাৰ কথা পাতি বিদায় ল'লো।

     পঢ়াৰ মাজতে এই সকলো কথা পাহৰণিৰ গৰ্ভত সুমাল। এবাৰ বন্ধৰ সময়ত বিশ্ব বিদ্যালয়ৰ পৰা মই ঘৰলৈ আহোঁতে, ডাঙৰ বাইদেউকো ঘৰতে পালোঁ । বাইদেউয়ে এদিন চেগ বুজি মোক ক'লে, "ডাঙৰ ল'ৰা, তই হ'বলা চেনেহী বাইদেউৰ ঘৰলৈ গৈছিলি?"

মই হয়ভৰ দিলোঁ।বাইদেউৰ পৰা জানিবলৈ পালোঁ, মই নৱম শ্ৰেণীত পঢ়ি থাকোতে, চেনেহী বাইদেউহতৰ ঘৰত ঘটা ঘটনাটো সেই গাঁৱৰ সকলোৰে মুখে মুখে, আৰু বহুতেই মোক হৰলিকছ মামা বুলিয়েই চিনি পায়। তেতিয়া বোলে মোৰ ডাঙৰ বাইদেউৰ খঙে গৈ চুলিৰ আগ পাইছিল। মোকহে কোৱা নাছিল। কিন্ত সেইদিনা মোৰ ভাল ফলাফলৰ খবৰো সেই গাঁৱৰ ৰাইজৰ মুখে মুখে । চেনেহী বাইদেউৰ ভিনদেউয়ে  হৰলিক্স নাখাইও যে মানুহ ভাল হ'ব পাৰি সকলোকে জনালে, লগতে মই অভাৱ অনাটনৰ মাজেৰে বিশ্ব বিদ্যালয়ৰ দুৱাৰ দলি গচকিবলৈ যাবলৈ যোগ্যতা অৰ্জন কৰিছোঁ, সেই কথা সকলোকে মেলে মিটিংয়ে কৈ থকা হ'ল।আৰু তেতিয়া মোৰ ডাঙৰ বাইদেউৰ বুকু ফুলি উঠিল। 

    সেইদিনা ডাঙৰ বাইদেউয়ে মোৰ আগত হাঁহি হাঁহি কোৱা গাঁৱৰ কথাবোৰৰ মাজতে বাইদেউৰ আনন্দ দেখি , মই সুখ পালোঁ। মই বহু বছৰৰ পাছত সেইদিনা বাইদেউক সাৱটি ধৰিলো, মুখেৰে আপোনা আপুনি এষাৰ কথা ওলাই আহিল, 

  "তই এইদৰেই সদায় হাঁহি থাক, বাইদেউ তোৰ নাম হৈ পৰক 'হাঁহিলী' ।"


@নীৰুজা বৰা

তিনিবছৰ হ'ল গল্পটো লেখা অন্যতম প্রিয় গল্প কাৰণ গল্পৰ নায়কজন মোৰ অতিকৈ আপোন।

ভাল পালে share কৰিব লগতে মন্তব্য আগবঢ়াব

Comments

Popular posts from this blog

অনুভৱ

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"