মোৰ দহদিনীয়া যাত্ৰাটো

 "মোৰ দহদিনীয়ে যাত্ৰাটো"


      ল'ৰাটোৰ পঢ়াত ক্ষতি হয় বুলি বহুত দিন ভালকৈ একো লিখা হোৱা নাই।আহি আহি মেট্ৰিক পৰীক্ষাৰ ওচৰ পাওঁতেই খবৰ আহিল, কেন্দ্ৰীয় শিক্ষা পৰিষদে দশম শ্ৰেণীৰ পৰীক্ষাই বাতিল কৰিলে। ল'ৰাৰ কথা বাৰু এতিয়া থাকক। 

  আজি মোৰ দহদিনীয়া এক যাত্ৰাৰ বিষয়ে আজি কিবা এটা লিখিবলৈ মন গ'ল। আহকচোন আগবাঢ়ো।


        বিহুৰ একসপ্তাহ মানৰ পাছৰ পৰা, ঘৰৰ তিনিওটা মানুহ জ্বৰ, পানীলগা,কাঁহ আদি বিভিন্ন ৰোগত পৰিলোঁ। প্ৰথমে মানুহজনৰ হৈছিল, তেওঁৰ হোৱা চাৰিদিন পাছত মই আৰু ল'ৰাটোও ৰোগত পৰিলোঁ। ডাক্তৰৰ ঘৰলৈ নোযোৱাকৈ ফাৰ্মাচীৰ পৰা অনা ঔষধ আৰু ল'ব লগীয়া সাৱধানতা সমূহে তিনিওকে ভাল কৰিলে যদিও এক দীঘলীয়া সময় ধৰি ৰোগত ভুগিলো। কম বেছি পৰিমানে ভাল হ'ল যদিও, মোৰ মূৰৰ বিষ আৰু মানুহজনৰ চৰ্দি, কাঁহ শেষ হোৱা নাছিল। এদিন চোতালখন সাৰি বিচনাত পৰি যাব লগা অৱস্থাই হৈছিল মোৰ। তেতিয়া ভাবিলোঁ, জ্বৰৰ পৰা উঠিছোঁ, দুৰ্বল হৈ আছোঁ কিজানি সেইকাৰণে। তিনিদিনৰ পাছতো মূৰৰ বিষ ভাল নোহোৱাত ডাক্তৰৰ পৰামৰ্শ ল'ম বুলি দুয়োজন ওলাই গ'লো। কিন্তু তাতেই কথা আহিল, কোভিড টেষ্ট কৰিব লাগিব বুলি। দীঘলীয়া শাৰীত ৰৈ ৰৈ নগাঁও চিভিলত ৪মে তাৰিখে টেষ্ট কৰালোঁ। কিন্তু আচৰিত কৰি মোৰ ৰিজাল্ট পজিটিভ আহিল আৰু মানুহজনৰ নিগেটিভ আহিল। লগে লগেই মালৈ ফোন লগালো, মায়ে সকাহ দিলে একো নহয় সকলো ঠিক হ'ব চিন্তা নকৰিবা বুলি। চিভিল হস্পিতালৰ পৰা দিয়া মেডিচিন সমূহ লৈ ঘৰমুৱা হ'লো। 

    এতিয়া আহিল এক নতুন অধ্যায়, এইখিনি সময়ৰ কথাকে মই আজি লিখাৰ মুখ্য কাৰণ। ঘৰলৈ আহিলো, মই এটা কোঠাত সুমাই পৰিলোঁ কাৰণ ঘৰত ল'ৰাটো আছে মোৰ পৰা যাতে তালৈ বেমাৰটো বিয়পিব নোৱাৰে। গাখীৰ দিবলৈ অহা মানুহজনক দিবলৈ মানা কৰিলোঁ আৰু কোনো মানুহ আমাৰ ঘৰলৈ নাহে বুলি জানো। কাৰণ আমি থকা ঠাইখন আমাৰ বাবে নতুন, মানুহৰ লগত চা-চিনাকি বাঢ়িছে যদিও বেছি ঘনিষ্ঠতা হোৱা নাই। সেইবাবে মানুহৰ অহা যোৱা কম। অৱশ্যে ঠাইখনত এটা কথা লক্ষ্য কৰিছোঁ মানুহৰ ঘৰলৈ অহা যোৱাটো আনঠাইতকৈ কম। গতিকে কোনোবা অহাৰ চিন্তা নাই। নিৰৱে বেমাৰটোৰ লগত যুদ্ধখন লাগি শেষ কৰাতহে বল এতিয়া। 


    বেমাৰৰ লগত যুদ্ধখন আৰম্ভ হ'ল। গুৰুত্বপূৰ্ণ ভূমিকা ল'লে আজি মোৰ এই লিখিবলৈ লোৱা কথাখিনিৰ নায়কজনে অৰ্থাৎ মোৰ স্বামীয়ে। দিনটোত তিনিবাৰ গৰম পানীৰ ভাপ ল'বলৈ পানী গৰম কৰি অকল মোকেই দিয়া নহয়, ল'ৰাটোকো আৰু নিজেও লয়। 

*ৰাতিপুৱা চাহ লগতে ঘিলা পিঠা বা মালপোৱা থাকিবই। 

*ন -দহ বজাত কাবুলি বুট বা মটৰৰ ঘুগুনী লগতে এটা কণী, 

*প্ৰায় এঘাৰ মান বজাত কমলা বা মৌচমৰ জুছ (ঘৰত নিজে বনাই), 

*দুপৰীয়া ঘৰতে থকা ভেদাই লতা আৰু নৰসিংহৰে মাছৰ জোল লগতে এখন বা দুখন শুকান ভাজি আৰু ঘৰতে থকা পদিনা-কেঁচাআমৰ চাটনি।

*আবেলি চাৰি বজাত ফল মূল, বুট আদি

*সাত বজাত হৰলিকছ, লগতে বাদাম-পাপৰ বা পিঠা বা মালপোৱা।

*ৰাতিৰ সাজত মুৰ্গীৰ মাংস।

*মাজে মাজে জালুকীয়া ৰঙা চাহ  আছেই।

     সেই যুদ্ধখন হৈ থাকোতে মানুহজনে অকলেই বজাৰ কৰি আনি এনেকৈ ৰান্ধি আমাক খুৱাইছিল। ঘৰখনত আগৰে পৰা ঘৰুৱা কাম কৰা মানুহ ৰখাৰ তেখেত বিৰোধী। গতিকে মই যি খিনি কাম কৰি চলাই আহিছিলো সেইখিনি গোটেইখিনি কাম কৰি তাতকৈ বেছিকৈহে কৰি মোক কোভিড যুদ্ধখন যুঁজিবলৈ সহায় কৰিলে। এই গোটেই সময়খিনিত (দহ দিন) মোক এটা কোঠাত সুমুৱাই ৰাখি, পুৱাই গৰম পানী ফ্লাক্সত যোগাৰ কৰি এটা মোক আৰু আনটো ল'ৰাটোক দিয়ে। মোৰ জগত অ' আৰ এছৰ পানী যোগাৰ কৰি থয়।  মেডিচিন সময়ত লৈছো নে,গৰম পানী খাই আছো নে, মই হাঁহি আছোঁ নে, কিবা কথাত মন দুখ কৰি আছো নেকি, সকলোবোৰ হিচাপ ৰাখে। চকুত কিবা অশান্তি হয় বুলি, চকুৰ দৰৱ এটাও দিছে।বাতৰি কাকত খন পঢ়িবলৈ নিদিয়ে মই যদি কিবা কথাত মনত অশান্তি পাওঁ। মই শুই থাকিলে এবাৰ ওচৰলৈ আহি, ভৰি খন চুই চায়, ঠাণ্ডা যেন দেখিলে মিঠাতেল ঘঁহি দিয়ে কিন্তু ভালকৈ হাত ধুয়ে, নিজৰ লগতে ল'ৰাটোক সুৰক্ষিত কৰি ৰাখে। মুঠতে সেইকেইদিনত মই যেন এক স্বৰ্গৰ সুখ পালোঁ, তেনে অনুভৱ হ'ল। মনতে ভাব হ'ল, সৰুতে যে পঢ়িছিলোঁ, বুঢ়া ভাত ৰান্ধনি আৰু বুঢ়ী নাঙললৈ গৈছিল, শেষত নিজৰ কাম কৰিব লাগে বুলি সংকল্প লৈছিল, যেন সেই পদ্যটো মোৰ লগত মিছা হ'ল। অকণো "উহ" নকৰাকৈ মানুহজনে মোৰ সকলো কাম হাত পাতি ল'লে। পুৱা-গধূলি গোঁসাই ঘৰত পুথি ভাগ পঢ়ে লগতে মোক কৈ ৰাখিছে 'তোমাৰ অসুখ ভাল হোৱা পাছত গোঁসাই ঘৰত প্ৰসাদ এমুঠি দিম'। 

    এই সকলোখিনি কামৰ উপৰিও তেওঁৰ ৰেলৰ অনলাইন   refresher ট্ৰেইনিং(ঘৰৰ পৰাই) কৰে ।লগতে নিজেও চৰ্দি কাঁহ আদিত ভুগিয়েই আছিল আৰু ঔষধ লৈ আছিল। কিজানি তেওঁৰ বিষয়ে লিখিব লগীয়া আৰু বহুত কথা ৰৈ গ'ল। শেষত দহ দিনৰ অন্তত মোৰ লগতে তেওঁ নিজেও টেষ্ট কৰালে তেওঁৰ নিগেটিভ আছিল আৰু লগতে মোকো নিগেটিভ কৰালে। মোৰ অসুখ ভাল হোৱাৰ শতকৰা ৯৫% শ্ৰেয় তেখেতক দিলোঁ। কোভিড জয় কৰিলোঁ, মনৰ ফুৰ্তিতে তেওঁ মোক এযোৰ জোতা আৰু এটা ঘড়ী দিলে। লগতে গোঁসাই ঘৰত প্ৰসাদ এমুঠি দিলে। লগতে কওঁ যে সেই যে খাদ্যৰ তালিকা খন দিছিলোঁ, তাত এদিনো ক্ষতি হোৱা নাছিল, এনেকৈয়ে যোগাৰ কৰি আমাক দিছিল, বাচন-বৰ্তন ধুইছিল। 

     এতিয়া কি ক'ম বাৰু, চকুৰ পানীহে ওলাইছে দেখোন।" মইনো ইমান ভাগ্যৱতী হ'ব লাগে নে ?" ভালে থাকক আপুনি। বয়সৰ ব্যৱধান যুগ্ম জীৱনৰ কেতিয়াও অন্তৰায় হ'ব নোৱাৰে।

      মোৰ সেই দহদিনীয়া যুদ্ধখনৰ বাকী পাঁচ শতাংশ শ্ৰেয় মোৰ সকলো আত্মীয় আৰু ভালপোৱা মানুহখিনিক দিব বিচাৰিম। প্ৰথমে মাৰ নাম ল'ব বিচাৰিম, প্ৰথমে নাম ঘৰলৈ বন্তি এগছি আগবঢ়োৱাৰ পৰা, টাউনত মানুহজনক লগ কৰি  মাংসৰ তৰকাৰী, পিঠাগুৰি, হৰলিকছ, ফলমূল, শাকপাঁচলি, মিঠাই , কলপচলা, কেঁচা আম, বাকলি গুচাই নহৰু আদি দি যোৱালৈকে আৰু সদায় দুবাৰকৈ ফোন কৰি খবৰ লোৱা লৈকে মায়ে কৰিছিল।'মা, মই তোমাৰ অসুখ হ'লে এনেকৈ কৰিব পাৰিম নে?' এইয়া মাৰ মৰম । লগতে মাৰ লগত থকা কণমানি "চেং" লৈও বহুত মৰম। আমাৰ ল'ৰাটো, ডাঙৰ হৈছে যদিও সৰু ল'ৰাৰ দৰে  মোৰ ওচৰলৈ আহিবলৈ বিচাৰে, দেউতাকে তাক ধমক দি আঁতৰাই। দেউতা,ভন্টী দুজনী, ভাইটি, কলিয়াবৰৰ মা-দেউতা, দেওৰ- ভনীসম বোৱাৰী, তেজপুৰৰ ভনীসম ননদ, ভাগিনী , মহা-মাহী, পেহী সকলোৱে দিয়া মানসিক শক্তিৰে মই আজি সুস্থ। অৱশ্যে আত্মীয় হওক, চিনাকি হওক মই সকলোকে জনোৱা নাছিলোঁ।কিজানি আজি এই লেখাটোৰ জৰিয়তেহে সকলোৱে জানিব।          


    তাৰ উপৰি নাম নোলোৱাকৈ থাকিব নোৱাৰিম, মোৰ অণুগল্প গোটৰ সন্মানীয় সহপ্ৰশাসক সকল , নব্যনাৰী লেখিকা গোটৰ সন্মানীয় আৰু মৰমৰ লেখিকা সকল(সকলোকে জনোৱা নাছিলোঁ) , মৰমৰ লেখিকা বন্ধু-বান্ধৱী সকল, খবৰ পোৱা মাত্ৰকে ফোন কৰি বা মেছেজদি সকাহ দিয়া সকল,সকলোৰে প্ৰাৰ্থনাত সুস্থ হ'লো। পজিটিভ হোৱাৰ খবৰটো মাৰ পাছতে বান্ধৱী পৰিস্মিতাই  পাইছিল (ফোন আহিছিল সেই সময়তে) অৱশ্যে তাইয়েই সকলোকে জনাইছিল আৰু প্ৰাৰ্থনা বিচাৰিছিল মই সুস্থহৈ উঠিবলৈ। ধন্যবাদ নিদিওঁ ভালে থাকিবি সদায়, লগতে পম্পিকো মোৰ মৰম দিবি। বিশিষ্ট লেখিকা অনুপমা বৰগোহাঞি বাৰ নাম লৈছোঁ, দিল্লীত থাকি, তেওঁৰ প্ৰাৰ্থনা সভাত মই সুস্থহৈ উঠিবলৈ মোৰ নাম প্ৰস্তাৱ কৰিছিল আৰু বহুতেই মোৰ ভাল হ'বলৈ প্ৰাৰ্থনা জনাইছিল। বা, ধন্যবাদ দিলে কম হ'ব ভালে থাকক সদায়। মানুহজনৰ চিনাকি সমূহ শুভাকাংক্ষিক প্ৰণাম জনাইছোঁ, লগতে যি সকলে মোৰ বাবে প্ৰাৰ্থনা জনালে সকলোকে কৃতজ্ঞতা জনালো। 

   লগতে  স্বাস্থ্য কৰ্মী আৰু উচ্চপ্ৰদস্থ বিষয়াই স্বাস্থ্যৰ খবৰ লৈছিল। সেইয়া তেওঁলোকৰ দায়িত্ব আছিল। খাদ্য সম্ভাৰ দিবলৈও বিচাৰিছিল। ধন্যবাদ আপোনালোককো।

     এটা কথা বুজিলোঁ, এই ৰোগৰ এটা ডাঙৰ ঔষধ মনোবল। ইমান মনোবল আৰু প্ৰাৰ্থনা পাই মই সুস্থ নহৈ পাৰো নে! তাৰ উপৰি মোৰ আজিৰ এই লেখাটোৰ নায়ক জন আছেই। সকলো ভালে থাকক, সুস্থ থাকক। প্ৰাৰ্থনাৰ শক্তি অপাৰ।

      বেয়া সময়বোৰ সোনকালে আতঁৰিব বুলি সদায় আশাবাদী।

বহুকথা লিখিবলৈ থাকিল। কেৱল সকলোকে মৰম যাছিলোঁ। 

(বি.দ্ৰ. সকলোৰে নাম নোলোৱাকৈ কেৱল সকলো বুলি উচ্চাৰণ কৰিছোঁ, কাৰণ নামসমূহ বুকুত আছে আৰু থাকিব)

@নীৰুজা বৰা


নগাঁও


২৬/৫/২০২১

Comments

  1. নিৰুজা, তুমি সুস্থ হৈ উঠাৰ খবৰ পালোঁ। মই তোমাৰ মানুহজনৰ শলাগ লৈছোঁ যে সেই অসুস্থ কালছোৱাত তোমাক যিখিনি মানসিক সাহচৰ্য আৰু পৰিচৰ্যাৰ প্ৰয়োজন আছিল সেয়া তেখেতে অলপো কুণ্ঠাবোধ নকৰাকৈ আগবঢ়ালে, তোমাৰ মনোবল বৰ্তাই ৰখাত সহায় কৰিলে। এইদৰেই জীৱনৰ প্ৰতিটো ঘাত প্ৰতিঘাতত দুয়ো যুগ্মভাৱে জয়ী হৈ যোৱা যাতে। শুভকামনা যাচিলোঁ।

    ReplyDelete

Post a Comment

Popular posts from this blog

অনুভৱ

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"