মিনিটৰ গল্প

 মিনিটৰ গল্প


"ভেজাল "

    

     পৰীৰ বিয়ালৈ মাজত মাত্ৰ দুদিন আছে। প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছেই। দেউতাক নথকা ঘৰখনত তায়েই সকলোখিনি দায়িত্ব মূৰ পাাতি লৈছে।পাছত কিবা ভেজাল লাগে বুলি ভিডিঅ' আৰু ফটো তোলা ল'ৰাজনক প্ৰায় দুমাহৰ আগতেই কৈ ৰাখিছে।মাজে মাজে মনত পেলাইহে দিয়েগৈ।ল'ৰাজনে হাঁহে আৰু কয়,"একো চিন্তা নকৰিবা ভন্তি তুমি বিয়াৰ বাকি থকা যোগাৰসমূহ কৰাগৈ"।

আচলতে ভনীয়েকজনীৰ উৎপাততহে তাই এই ব্যৱস্থাটো কৰিছে।মাকেে কয়,"হ'ব দে মাজনী বিয়া এবাৰহে হ'বি অলপ চখ কৰছোন"।

ভনীয়েকজনীৰ এটাই চিন্তা বায়েকৰ কন্যাদান কোনে কৰিব? মাক আৰু পৰীয়ে তাইক বুজাই,"হেৰৌ কিয় চিন্তা কৰিছ,খুড়াৰহঁত নাই জানো,সৰুৰে পৰা বায়েৰক কম মৰম কৰে নে?এতিয়া সিহঁতক একো ক'বই নালাগে নিজেই আহি কন্যাদান কৰিব"।

  ভনীয়েকে কয়,"বাৰু মাই আৰু বাই,  সময়ত ভেজাল নলগাবিহঁত।দেউতাই পঢ়াইশুনাই খুড়াহতঁক ডাঙৰ অফিচাৰ কৰিলে,দেউতাৰ মৃত্যুৰ পাছতে আমাক তেওঁলোকে সজা ঘৰত থাকিবলৈ নিদি ওচৰৰ মাটিখিনি দেখুৱাই দিলে,বায়ে সেইয়া কোম্পানীৰ চাকৰি কৰি লোন লৈ কম কষ্টৰে এইঘৰটো সজা নাই কিন্তু ! সময়ত ভেজাল লগা আগতেই সুধিবিহঁত" ।  ভনীয়েকৰ কথাত পৰী আৰু মাকে কাণ নিদিয়ে।তাই সৰু ছোৱালী,একো নুবুজে।

     অৱশেষত পৰীৰ বিয়াৰ দিনটো আহি পালে।গুৱামুৰিৰ বঁটাটো হাতত লৈ থকা পৰীক ভিডিঅ' ৰেকৰ্ডিং কৰা ল'ৰাজনে কৈছে ,"ভন্টি মন মাৰি থাকিলে ফটো বেয়া হ'ব, বিয়াখন ভালকৈ পাৰ হ'ব একো ভেজাল নহয়।"

তাই সামান্য হঁহাৰ দৰে কৰি ক'লে ,"দাদা আপুনি কিবা খালে নে?"

ল'ৰাজনে ক'লে,"খালো, খালো,তুমি একো চিন্তা নকৰিবা"।


  অৱশেষত দৰা আহি পদূলিৰ মূৰ পালে । দৰাক আদৰিবলৈ মাক সাজু হ'ল।ওচৰৰ খুড়ীয়েক দুজনীও সাজি-কাচি আহি মাকক শুধিলে, "বাইদেউ হ'ল নে?"

মাকে খুড়ীয়েকহতঁক ক'লে,"দৰা আদৰিবলৈ খুড়াক কেইটা ক'লৈ গ'ল নো ,কন্যাদান কোনটোৱে দিয়ে বা?"

  মাকে কোনোবাজনক দিবলাগে বুলি ক'লে,আনজনে বেয়া পাই বুলি  নিদিৰ্ষ্টকৈ দেখুৱাই নিদিলে।। কিন্তু মাকক আচৰিত কৰি খুড়ীয়েকহঁতে কৈ উঠিল,  "এইবোৰত আমাৰ এওঁলোকক নলগাব দেই বাইদেউ, আমাৰ এওঁলোক এনেও অসুখীয়া ,আপুনি আগতেই বেলেগ ব্যৱস্থা কৰিব লাগে !"  তেওঁলোকৰ কথা শুনি মাকৰ মুৰত সৰগ পৰা দি পৰিল।

  ইফালে দৰা আহি কলৰ তল পালে । ভিতৰৰ পৰা কোনো ওলাই নোযোৱা দেখি ,ভিডিঅ' ৰেকৰ্ডিং  কৰাজন ভিতৰলৈ আহি সুধিছেহি,"কি হ'ল কিবা ভেজাল লাগিছে নেকি?"

  ওচৰত থকা তামোল কাটিবলৈ অহা অবনী বায়ে চিঞৰিয়ে ক'লে,"অ খা জা,খা ভীমকলটো এতিয়াহে,কন্যাদান কৰা মানুহেই নাই।"

ল'ৰাজনৰ বুজিবলৈ বাকি নাথাকিল।। লগে লগে কেমেৰাটো তেওঁৰ সহযোগী ল'ৰাটোৰ হাতত দি ,

"অ' খুড়ী ধূতি এখন দিয়ক বেগে" বুলি পৰীৰ মাকক চিঞৰিলে।

দৰা আদৰাৰ পৰা কন্যাদানলৈকে আটাইখিনি কাম ল'ৰাটোৱেই কৰিলে।শেষত পৰীক কোলাত তুলি দৰাৰ গাড়ীত বহোৱালে।

ভনীয়েকে তেতিয়াহে হুমুনিয়াহ কাঢ়িলে,

"ভেজালটো যেনিবা মৰিল"।


©নীৰুজা বৰা

নগাঁও

২৭/৫/২০২১


(গল্পটো তিনিবছৰৰ আগতেই লিখা, বান্ধৱী এগৰাকীৰ জীৱনৰ কথাৰে)

Comments

Post a Comment

Popular posts from this blog

অনুভৱ

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"