প্ৰবন্ধ
"বৰ্ণ বৈষম্যহীন সমাজ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ"
মধ্যযুগৰ ভক্তি আন্দোলনৰ মূল লক্ষ্য আছিল, বৰ্ণবৈষম্য তথা অস্পৃশ্যতা দূৰ কৰা।স্বামী বিবেকানন্দ,দায়নন্দ সৰস্বতী আদি লোকসকলে বৰ্ণবাদৰ বিৰুদ্ধে বিভিন্ন লেখাৰ জড়িয়তে সমাজত এক আলোড়ন সৃষ্টি কৰিছিল যদিও সেইয়া সাময়িক ভাৱে আছিল।সুবিধাবাদী আৰু ৰক্ষণশীল সমাজৰ প্ৰভাৱৰ বাবে ই যেনেভাৱে প্ৰভাৱান্বিত হ'ব লাগিছিল, হোৱা নাছিল।
এই বৰ্ণবাদৰ বিৰুদ্ধে আলোড়ন সৃষ্টি কৰি সমাজক সচেতন কৰিবলৈ বিচৰা বুদ্ধদেৱ , স্বামী বিবেকানন্দ, দায়নন্দ সৰস্বতী, মহাত্মা গান্ধী , আম্বেদকাৰ আদি লোকসকল যেন আজি হাৰি গৈছে।ঠিক তেনে অনুভৱ হয়।
১৪/১৫ শতিকাত অসমত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে এক আন্দোলন সৃষ্টি কৰিবলৈ সক্ষম হোৱা প্ৰথম ব্যক্তিজন হ'ল মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু দ্বিতীয়জন তেখেতৰ প্রিয় শিষ্য মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱে পোনপটীয়াকৈ বৰ্ণবাদৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল।দূৰদৰ্শী মহাপুৰুষ শংকৰদেৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে তান্ত্ৰিক আচাৰ নীতি সমূহ ত্যাগ কৰি সহজ সৰল নাম ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ইয়াক এক শৰণ নাম ধর্ম বুলিও কোৱা হৈছিল।মহাপুৰুষীয়া ধৰ্মত ব্ৰাহ্মণ্য ধৰ্মৰ জটিল ব্যৱস্থা সমূহ নাথাকে।ইয়াৰ উপৰি বনাশ্ৰম ধৰ্মৰ বৰ্ণ বৈষম্যৰ কথাও নাথাকে।এই ব্যৱস্থাত ভকতৰ কোনো জাতি কুল পৰিচয় থাকিব নোৱাৰে।
এই ভক্তি আন্দোলনৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱে এক মানৱ প্ৰেমৰ আৰ্হি দেখুৱাইছিল আৰু সমাজৰ লোকসকলক বৰ্ণ বৈষম্যহীন এটা সহজ সৰল ধৰ্ম পন্থাৰ জৰিয়তে জীৱন যাপন কৰিবলৈ উপায় দিছিল।সকলো লোককে তেৰাৰ মানৱীয় মৰ্যাদা প্ৰদানৰ ব্যৱস্থাই আকৰ্ষিত কৰিছিল।এয়াই হৈছে শংকৰগুৰুৰ এক শৰণ হৰি নাম ধৰ্মৰ বৈশিষ্ট্য, যি ধৰ্মত নীতিগত ভাৱে সকলোৰে সমান অধিকাৰ স্বীকাৰ কৰি লোৱা হৈছে।
শংকৰদেৱৰ দৃষ্টিত ভকত আৰু ভগৱন্তৰ মাজত একো পাৰ্থক্য নাই।সেয়েহে মহাপুৰুষীয়া ধৰ্মত ভকতৰ জাত কুল বা বৰ্ণ বিচাৰ একেবাৰেই নাই।
শ্ৰীমন্ত শংকৰদেৱে এক বাস্তৱ দৃষ্টি ভঙ্গীৰে কোনো জাত কুল বিচাৰ নকৰাকৈ সকলো শ্ৰেণীৰ লোককে একে বান্ধোনৰ মাজতে ৰাখিবলৈ বৰ্ণ বৈষম্য হীন আন্দোলন কৰিছিল। শঙ্কৰদেৱৰ বহুকেইজন অন্ত্য জাতি শিষ্য আছিল। তেখেত সকলৰ ভিতৰত গাৰোৰ গোবিন্দ আতৈ, কোচৰ বৰ কোচ আতৈ,যৱনৰ জয় হৰি আতৈ, কচাৰীৰ ৰামদাস আতৈ, ভোটৰ দামোদৰ আতৈ, বনিয়াৰ হৰিদাস আদিয়ে প্ৰধান।শঙ্কৰদেৱৰ সংগী শ্ৰীৰাম আতা আছিল অন্ত্যজ আৰু ঠাকুৰ আতা আছিল নাপিত সম্প্ৰদায়ৰ বঙালী মানুহ।মাধৱ দেৱৰ সংগী বুঢ়া আতা আছিল বঙালী, তাঁতী সম্প্ৰদায়ৰ আৰু গোপাল আতা আছিল কুমাৰ সম্প্ৰদায়ৰ।
ইয়াৰ উপৰিও শ্ৰী মন্ত শংকৰদেৱ আৰু মাধৱ দেৱে কীৰ্তন, দশম,ভাগৱত, নামঘোষা, ভক্তিৰত্নাকৰ, বৰগীত, নাট্যসাহিত্য আদিৰ জৰিয়তে এক বৰ্ণ বৈষম্যহীন সমাজৰ গঠনৰ পাতনি মেলি নিদিষ্ট আৰু সুপৰিকল্পিত আদৰ্শৰে ভকতক শ্রেষ্ঠ কৰি যি সমাজ গঢ় দি গ'ল অসমীয়া জাতিয়ে জীয়াই থকা মানে স্বীকাৰ কৰিব লাগিব।
@নীৰুজা বৰা
১/২/২০১৮
(২০১৮ বৰ্ষতে লিখা লেখাটো)
Comments
Post a Comment