কাহিনী

 "নাৰী যেতিয়া মাল বা সামগ্ৰী হয়"

 

       শাওন মহীয়া ৰ'দ। ওচৰত গছ এজোপাও দেখিবলৈ নাই।ইফালে ষ্টেচনৰ ঘৰটোৰ প্ৰায়বোৰ বস্তুয়েই লোহাৰে বনোৱা হোৱাৰ বাবে তাপটো বেছি।ট্ৰেইন নহা সময় যেতিয়া বাৰন্দাতে বহি আছো। তেনেতে পথটোৰ ফালে চকু পৰিল। আতঁৰত এগৰাকী মহিলাৰ প্ৰতিবিম্ব দেখিবলৈ পালো।এই ৰ'দত কোন এই গৰাকী আকৌ । চাওঁতে চাওঁতে মানুহগৰাকী আহি মোৰ ওচৰেই পালে। মানুহগৰাকীৰ হাতত টোপোলা যেন লগা বস্তুটো ওচৰলৈ আহি পাওঁতে কণমানি এটা বুলি জানিলো।

     তললৈ চাওঁতেই মানুহ গৰাকী মোৰ কাষেই পালে।ৰঙা শাৰী আৰু সাজ-সজ্জাৰে মানুহ গৰাকীক বঙালী সম্প্ৰদায়ৰ বুলি অনুমান কৰিলো। মই একো সুধিবলৈ নৌ পাওঁতেই, মানহগৰাকীয়ে নিজেই আৰম্ভ কৰিলে,

"ছাৰ, এইটা ষ্টেচনেই আমাৰ মানুষটাই কাম কৰে"

মই ক'লো, "নমতা কবেন ,তোমাৰ মানুষ তাৰ"

 মানহ গৰাকীয়ে ক'লে,"ৰাম বিলাস ছাৰ"।

  ৰাম বিলাসেটো পাছদিনৰ  ছুটী লৈছে ।সি ঘৰলৈ যোৱা নাই নেকি বাৰু! কথাটো মনতে ভাবি পইটছমেন ল'ৰাটোক চিঞৰিলো, সুজিত, ঐ সুজিত…,,,,,

 সুজিতে 'আছো ছাৰ', বুলি কৈ মোৰ ওচৰ পালে।

"ঐ ৰামবিলাসে পাঁচদিনৰ ছুটী লোৱা নাই জানো !", মই অলপ চিঞৰিয়ে সুধিলোঁ।

:হয় ছাৰ, কিয় সুধিলে ছাৰ?

: ঐ এয়া বোলে তাৰ মাইকী মানুহ। সি ঘৰত যোৱা নাই নেকি?

মানুহ গৰাকী ইতিমধ্যে ভাগৰত পিলাৰটোত বহিছেই ।কণমানিটোক অলপ খোজ কাঢ়িবলৈ এৰি দিছে।

"ছাৰ এইফালে আহকছোন" সুজিতে লাহেকৈ কৈ সি ষ্টেচনৰ কোঠাটোৰ ফালে খোজ ল'লে। মই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক মানুহগৰাকীয়ে  খাবলৈ পানী অলপ আনি দিবলৈ কৈ, সুজিতৰ পাছে পাছে খোজ ল'লো।


  "ছাৰ, ৰামবিলাসৰ দুটা মাইকী, এইজনী চাগে অসমৰ । সি  মোক কৈছিল । তাইৰ মাকৰ ঘৰ জাগিৰোডত, তাই তাতেই থাকে। সি চাগে আনজনীৰ ওচৰলৈ গৈছে, বিহাৰলৈ"।

সুজিতৰ কথাত মই ক'লো, "এতিয়া মানে মই এইক কিবা কৈ বিদায় দিব লাগে"।

সি ক'লে," হয় ছাৰ" ।

মই মানুহজনীৰ ওচৰলৈ গ'লো। কম বয়সীয়া ছোৱালী প্ৰায় বাইচ বছৰ মান বয়স হ'ব। ঘৰৰ অৱস্থা চাই , আগপিছ নভবাকৈচাগে বিয়াত বহিল।মানুহ গৰাকীৰ হাতত এশ টকাৰ নোট এখন দি ৰামবিলাস ঘৰলৈ সোনকালে যাব বুলি কৈ বিদায় দিলো ।

 ……………………………

দুদিনৰ পাছতে সুজিতে ভাগৰুৱা হৈ মোৰ ওচৰলৈ আহিছে। মই  তাক দেখি আচৰিত হৈ সুধিলোঁ,"ঐ কি হ'ল,কিবা হৈছে নেকি?"

সি ফিল্টাৰৰ পৰা পানী এগিলাচ উলিয়াই ঢুকে ঢুকে গিলি ক'বলৈ ধৰিলে,

"ছাৰ, ৰামবিলাসে তাৰ প্ৰথমৰ মালটোক বিহাৰৰ পৰা লৈ আহি মাৰি দিলে আৰু বঙাইগাওঁ ৰেল লাইনৰ কাষত পেলাই দিছে।তাৰ বাচ্ছাটাক ওচৰতে থৈ দিছিল। বাচ্ছাটাক ওচৰৰ মানুহে ৰাখি  থৈ দিছিল।কালিহে পুলিছে কিবা কৰি গম পালে এইটো ৰামবিলাসৰ মাইকী।এতিয়া ৰামবিলাসৰ সিদিনা অহা মাইকীটোৰ ঘৰত ৰামবিলাসক  পাই ধৰি লৈ গৈছে।

  মই ক'লো,"তই কেনেকৈ জানিলি?"

সি ক'লে,"ছাৰ টি ভিত দিয়েই আছে"।

    বাহ কি আচৰিত! তাৰ বিহাৰৰ ঘৈনীয়েকক ঘৰৰ পৰা লৈ আনি মাৰি পেলালে। সি ভাবিছিল চাগে কোনোৱে গমকে নাপাব।কিবা এটা চাগে প্ৰমান পুলিছে পালে। মোৰ সেইদিনা অহা সৰু বোৱাৰী জনীৰ বাবেহে বেয়া লাগিছে।তাই বেচেৰীয়ে চাগে একোকে বুজি পোৱা নাই আৰু সেই নিস্পাপ শিশু দুটাই কি দোষ কৰিছিল বাৰু!

"ছাৰ, কি চিন্তা কৰিছে।এইবোৰ মানুহ তেনেকুৱাই অ'"

   সুজিতৰ কথা শুনি মই ক'লো, "ঐ তোৰ মুখত এটা শব্দ শুনিছিলো,'মাল' বুলি, কিয় কৈছিলি?"

"অ' ছাৰ ৰামবিলাসৰ ভাষাটো মোৰ মুখত আহি গৈছিল। সি কি কয় জানে ছাৰ, 'মোৰ দুটা মাল আছে",কথাটো কৈ সুজিতে হাঁহিলে।

মই ক'লো,'শুন সুজিত, মানুহক যদি সি মাল বা সামগ্ৰী সাজিলে,সি তাক ব্যৱহাৰ কৰিব,সি মৰম কি দৰে কৰিব পাৰিব!সেই কাৰনে তাৰ ব্যৱহাৰ শেষ হোৱা মালটোক পেলাই দিছে, হয় নে নহয়?"


মই সুজিতলৈ চালো ,সি যেন কিবা চিন্তা কৰি আছে


সি লাহে কৈ ক'লে,'হয় ছাৰ'।

      


© নীৰুজা বৰা


(তিনিবছৰৰ আগতেই লিখা এটি সত্য ঘটনা আধাৰত)

Comments

Popular posts from this blog

অনুভৱ

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"