গল্প

 "ৰোমন্থন"


      হয় আজিয়ে সেই দিনটো আছিল। মাঘৰ বিহুৰ এদিন পাছতেই অৰ্থ্যাৎ মাঘৰ দুই তাৰিখ।ৰাতুলৰ বিয়াৰ দিন।কইনাৰ ঘৰ বেছি দূৰৈত নোহোৱাৰ বাবে এদিনীয়াকৈয়ে বিয়াখন আয়োজন কৰা হৈছে। বিয়া মানে ঘৰৰ সকলো খিনি কাম মোৰ ওপৰতে।ডাঙৰ বোৱাৰী যে ন'হ'বনো কিয়!ৰাতুলটো যেন সৰু ল'ৰাৰ দৰে।মাকে বিয়াৰ কথা কোৱাৰ পৰা সদায় গাতে লাগি থাকে,'বৌ, এজনী চোৱাচোন,,,,মোৰ ডিঙিত ওলোমাই দিয়া,,,নহ'লে এই মাজনীয়ে মোক শান্তি নিদিব।'

বৰ মৰম লাগে তালৈ যদিও চৰকাৰী চাকৰিয়াল বিবাহৰ উপযুক্ত ল'ৰা,সৰু ল'ৰাৰ দৰে তাৰ কামবোৰ।কেতিয়াবা আচৰিত হওঁ ভাত খাই মোৰ চাদৰৰ আচলতে হাত খন মচি যায়। প্ৰথমে অলপ অপ্ৰস্তুত হৈছিলোঁ কিন্তু এতিয়া তাৰ শিশু সুলভ মনটোক বুজিব পাৰি সকলো কথাতে তাক সহযোগ কৰো।

         সেই  মোৰ বাহিবিয়াৰ দিনটোত সি যে মোৰ ওচৰতে বহি সুধিছিল, 'আজিৰ পৰা ধুনীয়া ধুনীয়া আইটেম খাবলৈ পামনে? নহ'লে মাৰ হাতৰ মানিমুনিৰ আঞ্জা, মাংসৰ পনীয়া তৰকাৰী খাই খাই ব'ৰ হৈছো।' আচৰিতেই হৈছিলো,মনে মনে হাঁহিও উঠিছিল কি কয় এইটোৱে,ইমান ডাঙৰ হ'ল,সৰু ল'ছালিৰ দৰে কথাবোৰ দেখোন। এইটোৱেই মোৰ একমাত্ৰ দেওৰ,ৰাতুল শইকীয়া।কিমানযে সৰু বৰ কথাৰ ভাগ পাওঁ মই, ভাবিলেই মনতে হাঁহি উঠে।অফিচৰ পৰা আহি মোক অফিচৰ কথা,দাদাকৰ দোষবোৰ,মাকৰ চিৰিয়েলৰ দৰে কৰা কামবোৰ কথা কৈয়ে শেষ নহয়।দাদাকে কয় 'তুমি বেয়া নাপাবা সি যে ঘৰৰ সৰু,সৰুৰ দৰেই ৰ'ল তাৰ কামবোৰ।' মই হাঁহো।সকলো বুজি পাঁও।

       বেচেৰাই মোক আমনি নকৰে কেৱল এজন ভাইটিৰ,এজন বন্ধুৰ অভাৱ পূৰণ কৰিছে। বিহুৱে পুজাই এযোৰকে সাজ দিয়ে।আনকি পিন্ধাই ফটো এখনো তোলে।কি আগ্ৰহ তাৰ।কেতিয়াবা তাৰ মৰম দেখি চকুৰ পানী বৈ আহে।মোৰ মাহঁতে কয়,'এনকুৱা এজন দেওৰ কিবা ভাল ক্ষণতহে পাই অ'' মা, তাক সদায় মৰম কৰিবি'।

      ইফালে পোহৰ মোৰ গাত থিতাপি লোৱাৰে পৰা সকলোকে কথাটো জনোৱাত বাপেকতকৈয়ো সিহে আগৰণুৱা মিঠাই যোগান ধৰাত। পোহৰৰ জন্মৰ পাছটো পোহৰৰ আৰু মোৰ সৰু সৰু ইচ্ছাবোৰ বুজাতযেন সি হে আগ্ৰহী। কেতিয়াবা খঙো কৰো,,কেতিয়াবা সিও খঙ কৰে । কিন্তু এইয়া যেন মাক -পুতেক বা বন্ধুত্বৰ দৰে। কোনোৱে কয়,এই সম্বন্ধ যেন কেতিয়াও কাৰোৰে চকুত নালাগে।

       এইদৰেই এদিন ময়ে চিনাকি কৰি দিয়া ছোৱালী এজনীৰ লগত ৰাতুলৰ বিয়াখনৰ প্ৰস্তুতি কৰিলো।ৰাতিপুৱাই জোৰণৰ কামখিনি কৰি জোৰণলৈ ছোৱালীৰ ঘৰলৈ গ'লো। ছোৱালীৰ ঘৰৰ পৰা সোনকালেই আহিলো কাৰণ বিয়াখনো সেইদিনটোতে যে। বিয়াখন সুকলমে পাৰ হ'ল।পাছদিনা পুৱাতে নকইনা আহি ঘৰ সোমাল।ৰাতুলৰ আটোম-টোকাৰিকৈ পৰিপাটি কৰি ৰখা কোঠাটোত নিয়মমতে নকইনাক প্ৰথম ৰাতি মজিয়াতে ভালদৰে কোমল গাদী এখন পাৰি বিছনাখন সজাই  দিলো।সম্বন্ধিয় ভাগিন ছোৱালী ৰীতাক নকইনাৰ লগতে শুৱলৈ দি মই মোৰ কোঠালৈ আহি দেখো,পোহৰ বিছনাত শুই আছে লগতে বাপেকো শুই আছে বুলি ভাবি বিয়াৰভাগৰত দিনটো ফণীয়াবলৈ পাহৰা চুলিখিনি মেলি ফণীখন লৈ ড্ৰেচিঙখনৰ কাষত বহিছোহে তেনেতে পাছফালৰ পৰা পোহৰৰ  দেউতাকে মাত লগালে।মই উচপখোৱাৰ দৰে হ'লো।একো ক'ব নৌপাওতেই তেওঁ ক'লে,মোৰ বিছনাত বোলে ৰাতুলহে শুই আছে।তেওঁ মোক বিছনাতে শুবলৈ ক'লে,তেওঁ বোলে মোৰ কোঠাতে থকা চোফাখনত শুব।মই আপত্তি কৰিছিলো, ময়েই চোফাখনত শুব পাৰো বুলি,তেওঁক বিছনাতে শুৱাৰ কথা কৈছিলো।ইফালে বহু ৰাতি হৈছিল,সকলো শুই নিতাল দিছিল,মোকো ভাগৰে হেঁচা মাৰি ধৰি বিছনাখনে যেন টানি মাতিছিল।তেওঁৰ লগত তৰ্ক নকৰি বিছনাতে শুই পৰিছিলো।

        পাছদিনা খুবখুবিৰ কামবোৰ ধুমধামেৰে আৰম্ভ হৈছিল।দুপৰিয়াতে নকইনাক চাহ একাপ দিবলৈ গৈ তেওঁৰ কাষতে বহি দুই এটা কথা পাতি আছিলো।তেনেতে পোহৰক কোলাত লৈ ৰাতুল সোমাই আহিল।সিহঁতক দেখি মই  ৰাতুলৰ হাতৰ পৰা  পোহৰক কোলাত লৈ নকইনা আৰু দৰাই কথা পাতক বুলি কোঠাৰ পৰা ওলাই আহিছোহে মাত্ৰ তেনেতে পাছফালৰ পৰা ৰাতুলে চিঞৰিলে,"বৌ, মোৰ আঙুঠিটো তোমাৰ বিছনাৰ গাৰুৰ তলতে থাকিল,ৰাতি শুবলৈ লওতে খুলি ৰাখিছিলো"।মোৰ খঙে কপালত উঠিছিল। কিয় জানো এই ল'ৰাটো তেনেকুৱা,বিয়াঘৰখনত এনেকৈ আঙুঠি এৰিছে।নকইনাৰ আগত একো নোকোৱাকে আঙুঠিটো বিচাৰি আনি তেওঁক দিলো।

   সন্ধিয়া খুবাখুবিৰ পাঠ আৰম্ভ হ'ল। কইনাৰ ঘৰৰ আলহীসকলো আহি পালে।কিন্তু আলহী সকলৰ হাঁহি থকা মুখবোৰ নকইনাৰ কোঠাৰ পৰা ওলাই অহাৰ পাছৰ পৰা শেঁতা পৰি গৈছে।কামৰ মাজতে মোৰ কিন্তু এনে কথাৰ ওপৰত চকু পৰিল যদিও মনৰে ভ্ৰম বুলি ভাৱি কামত ব্যস্ত হলোঁ।

      ইতিমধ্যে খুবাখুবিৰ পাঠ ভাগ শেষ হৈছে।শাহুমায়ে কোৱাৰ দৰেই মই নকইনাক সমাজত সেৱাভাগ কৰাই,ঘৰলৈ অহা আলহী অতিথিৰ লগত চিনাকি কৰি দিবলৈ আগবাঢ়ি গ'লো। তেনেতে সকলোকে আচৰিত কৰি নকইনা বহাৰ পৰা নিজে থিয়হৈ ওৰনিখন নমাই মোক গতা মাৰি পেলাই দিলে।নিমিষতে যেন সকলো স্তব্ধ হ'ল।ওচৰতে বহি থকা বোৱাৰী কেইগৰাকীয়ে মোক উঠাই দিবলৈ দৌৰি আহিল।কি হৈ গ'ল মই উৱাদিহ নোপোৱা হ'লো।সকলো থিয় হ'ল।আতঁৰৰ পৰা মোৰ মানুহজন 'কি হ'ল' বুলি দৌৰি অহাৰদৰে আহিল । তেনেতে দেখিলো ৰাতুলে কইনাৰ বাহুত ধৰি খঙেৰে শুধিছে,'কি হ'ল?' । কইনাৰ ঘৰৰ মানুহখনি কইনাৰ কাষ পাইছেহি। তেনেতে নিস্তব্ধতা ভংগ কৰি নকইনাই চিঞৰি উঠিল,

   "এই মানুহজনী বৌয়েকৰ নামত কলংক, সমাজৰ চকুত ধূলি দি তই বেটিয়ে চাকৰি কৰা দেওৰক নিজৰ হাতত ৰাখিলি,এতিয়া ভেকোভাওনা কৰি বিয়া পাতি দিছ' আৰু কালি ৰাতিও তই তাৰ লগত শুইছ।এতিয়া ক'ত সাৰিবি মই আহিলো নহয়,তোৰ ৰূপ দেখোৱাম"।

 মোৰ পিনে টোৱাই কোৱা কথাখিনি শুনি নিমিষতে মোৰ মানুহজনে নকইনাৰ ফালে চোঁচা ল'বলৈ সাজো হৈছিল ।মই কান্দি কান্দি জোৰেৰে তেওঁক সাৱতি ধৰিলো।ইফালে চাওঁতে দেখিলো,ৰাতুল উদ্যত হৈছে নকইনাৰ গাত হাত তুলিবলৈ,দুই এজনে বাধা দিছে , কইনাকো ঘৰৰ মানুহে সাৱতি লৈছে। মই উচাৎ মাৰি গৈ ৰাতুলৰ গালত এটা চৰ শুধালো,কিন্তু মুখেৰে একো শব্দ ক'ব নোৱাৰিলো,ক'ব নোৱাৰাকৈ সকলোলৈকে  চাই হাতযোৰ কৰিলো,তাৰ পাছত!তাৰ পাছত কি হ'ল মই ক'ব নোৱাৰো।

              দুদিনৰ পাছত নিজকে গুৱাহাটীত এখন প্ৰাইভেট নাৰ্ছিঙহোমৰ ৰোগীৰ বিছনাত আৱিস্কাৰ কৰিলো। ওচৰতে মানুহজনক দেখিলো।মোৰ মুখত এটাই মাথো উচ্চাৰন মোৰ 'পোহৰ,পোহৰ'। পোহৰক মোৰ মায়ে কোলাত লৈ আছিল, মোৰ কাষত পোহৰক পাই চিঞৰি কান্দি উঠিলো।মোৰ কি হৈছে মই তলকিবই পৰা নাছিলো,এটাই মাথো বুজিছিলো,মই কান্দিব লাগে, মই চিঞৰি কান্দিব লাগে। সাত দিন মানৰ পাছত ঘৰমুখী হৈ টাউনৰ এখন ঘৰত সোমাইছিলো। মোৰ স্বামীয়ে মোৰ মূৰত হাতথৈ এটি মাথো কথা কৈছিল,,,'এইয়া আজিৰ পৰা আমাৰ খন্তেকিয়া বাসস্থান, এদিন কোনোবা এখন ঠাইত নিজা বাসস্থান সাজিম, তুমি মাথো মোক অলপ সময় দিয়া।আমাৰ পৰিয়াল তিনিজনীয়া আৰু আমি সুখী পৰিয়াল"। মই কন্দা নাছিলো।তেওঁক জোৰেৰে সাৱতি ধৰিছিলো মাথো।

        আজি সম্পূৰ্ণ এবছৰ দিন অতিক্ৰম হৈছে, সেই ৰাতুলৰ বিয়াখনৰ।আজি মই দিল্লীৰ 'এপ'লো হস্পিতালত' । মোৰ কলিজাখন সলনি কৰা হৈছে। কলিজাখন বোলে ক'লাহৈ ভাঙি গৈছিল। চিকিৎসক সকলে মোৰ এই অষ্ট্ৰোপ্ৰচাৰত সফল হৈ আনন্দ কৰিছে।মোৰ কাষত আছে পোহৰৰ লগতে মোৰ জীৱনৰ লগৰী স্বামী।গোটেই বছৰটো মোৰ মুখত হাঁহিৰে আৱৰাই ৰখা মোৰ আন এখন কলিজা তেওঁ।

         তেওঁক মই শুধিছিলো,' আজি কিমান তাৰিখ ?"। আজি জানুৱাৰীৰ ১৬ তাৰিখ বুলি শুনি,মনতোৱে বছৰৰ আগলৈ উৰা মাৰিছে। আজি মানে মাঘৰ ২ তাাৰিখ,ৰাতুলৰ বিয়া।

      সকলো পাহৰি নতুন কলিজাৰ সৈতে, খন্তেকিয়া বাসস্থানত মৰম ভালপোৱাৰ মাজত থাকিবলৈ,আৰু দুখন কলিজাৰ সৈতে উৰি আহিছো।


(আংশিক সত্যৰ আধাৰত)


©নীৰুজা বৰা

১৫/১/২০১৮


(তিনিবছৰৰ আগতেই লিখা গল্পটো)

Comments

Popular posts from this blog

অনুভৱ

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"