মই কোন?

 






"মই কোন?"


  

       দিনটোৰ শেষ সময় খিনি, নাজানো আৰম্ভণি বুলিয়ে কওঁ নে, নে শেষ বুলিয়ে কওঁ, সেই যে মাজৰাতি সময়খিনি এই খিনিয়েই মোৰ সময়। মই নিজকে বিচাৰি পোৱাৰ সময়। দিনটো সন্মুখীন হোৱা বিভিন্ন কথাৰ পাকচক্ৰবোৰ বুজি উঠাৰ সময়। হেঁপাহ পলুৱাই কন্দাৰ সময় আৰু কেতিয়াবা হেৰুৱা অতীতক মনলৈ অনাৰ সময়। কেতিয়াবা কলমটো হাতত লৈ বগা কাগজ খনত আক দিয়াৰ সময়, নিজৰ আৰু আনৰ যন্ত্ৰনাক আখৰৰ আকাৰত তুলি দিয়াৰ সময়।আৰু কাষতে শুই থকা নিজৰ  জীৱনৰ আদৰুৱা সুখকণক এবাৰ প্ৰাণভৰি চোৱাৰ সময়।বতাহে বিলোৱা সুগন্ধিবোৰত মন মতলীয়া কৰাৰ সময়।  আচলতে এই 'মই' বোলা জন নো কোন?

     প্ৰশ্নটো শুনি হাঁহি উঠিছে। মই যে মোৰ কথা কৈছোঁ, মই জানো কোনোবা চেলিব্ৰেতি? নে মই কোনোবা বিখ্যাত লেখক নে কোনোবা খেলুৱৈ, নে কোনোবা ৰাজনীতি বিদ।

    কোনোৱে যাতে ভুল নুবুজে মই ওপৰত উল্লেখ কৰা এগৰাকীও নহয়। তেতিয়া হ'লে, 'মই' বুলি সম্বোধন কৰি , কিয় নিজৰ কথা লিখিবলৈ লৈছোঁ। মই বাৰু মানসিক ৰোগী নেকি? নহয়, সেইটোও নহয়। কাৰণ পুৱা গধূলি নিজৰ দায়িত্ব পালন কৰিছোঁ।

   মোৰ কি নাই? মই কিয় আজি নিজকে চাব লগা হৈছে! কিয় মোৰ মৰমৰ আইনাখনক সুধিব লগা হৈছে আচলতে মই কোন বুলি?

    অ' ৰ'ব,, মোৰ এটা পৰিচয় আছে। যাৰ বিষয়ে মই জ্ঞাত । হয়, মই এগৰাকী গৃহিনী। যাক ইংৰাজীত হাউচ ৱাইফ বুলি কোৱা হয়।  যিটো শুনিলে মানুহে উত্তৰ দিয়ে, 'অ, হাউচ ৱাইফ হে, তাৰ মানে একো নকৰে,,"।

  হয়, সেই গৰাকীয়ে মই। মই একো নকৰোঁ। মই কেৱল পুৱাতে  শোৱা পাটী এৰি কোনো শুই উঠাৰ আগেই মজিয়াখন এবাৰ শুকানকৈ আৰু এবাৰ পানীৰে পৰিস্কাৰ কৰি, গা ধুই , গোঁসাই সেৱা কৰি ৰান্ধনী ঘৰত সুমাও। তাৰ পাছতে দিনটোৰ বাবে উলাই যোৱা সকলক খোৱা আৰু টিফিন যোগাৰ কৰি  পঠিয়াই, ঘৰত থকা সকলক খোৱাৰ যোগাৰ ধৰি , কেৱল ঘৰৰ আন কামবোৰ কৰোঁ। আৰু দুপৰীয়াৰ আহাৰ , ৰাতিৰ আহাৰ, পঢ়া শুনাৰ দায়িত্ব আদি পালন কৰি মই ঘৰতে থাকোঁ। মই ঘৰ খনৰ বাবে বিনা বেতনৰ, এগৰাকী ৰান্ধনী, এগৰাকী নাৰ্ছ, এগৰাকী শিক্ষায়ত্ৰী , এগৰাকী চুইপাৰ,সকলোৰে ভালপোৱা -বেয়াপোৱাক চাব পৰা মই এগৰাকী মনোবিজ্ঞানী  আৰু আন বহুতো বিশেষণৰ অধিকাৰী হওঁ। এইয়াই মোৰ কাম। অ' ক্ষমা কৰিব, মই একো নকৰোঁ মই ঘৰতে থাকোঁ।

      হয়, সকলোৰে দৰে মইও নিজকে নাৰী বুলি কওঁ । সৰুতে মায়ে কয়, বেছিকৈ নাহাঁহিবি মানুহে চঞ্চল বুলি ক'ব। সেই যে মানুহে বেয়া বুলি ক'ব, সেই কথা দেউতা আৰু মায়ে মূৰত এইদৰে সুমুৱাই দিছিল যে সাধাৰণ কথা এটা সুধিবলৈও অলপ ৰও, কিজানি মানুহে বেয়া পাই। সেই আপচুচটোয়ে মনত বেয়াকৈ শিপালে যে লাহে লাহে দিন যোৱাৰ লগে লগে বেলেগে মুখৰ আগত বেয়াকৈ ক'লেও, মুখেৰে এটাও শব্দ নোলায়। কোনোবাই বেয়া কৰিলেও মুখেৰে শব্দ নোলোৱা হ'ল। শেষত সেই নোলোৱা শব্দবোৰে বুকুত খুচি বিন্ধি এনে কৰিলে যে শব্দবোৰ চকুৰ পানী হৈ পৰিল আৰু মাজৰাতি নিস্তব্ধতাক নেওচি চকুৰ পানী ৰূপত শব্দবোৰ বৈ আহে। বুকুখন পাতল হয়। কান্দোনৰ ভাগৰত টোপনি আহে আৰু সাৰ পাওঁতে পুৱাৰ কাম বোৰে হাত বাউলি মতে। ক্ষমা কৰিব কাম নহয়। কাৰণ, মই গৃহিনী।

    কোনোবাই কয়, মই বোলে দুখবোৰ টানি আজুৰি সুমুৱাও। এইষাৰ মই শুনিবলৈ পাওঁ, যেতিয়া মই কোনোবাই দিয়া বাক্যবান বা আন কোনো কু-কাৰ্য্যক প্ৰকাশ কৰোঁ। তেতিয়া ওলাই অহা মোৰ দুধাৰী চকুলো দেখি সান্তনাৰ এষাৰি বাক্য আহে, মই বোলে দুখী আত্মা। সেইবাবে সেই বাক্যবান বা কু কাৰ্য্যৰ কথাও বুকুতে সামৰিলোঁ, আনক প্ৰকাশ নকৰা হ'লো। এনে স্থলত মোৰ মাজৰাতি দীঘলীয়া হ'ল। চকুৰ পানীবোৰো বাঢ়িল। তথাপি মই জীয়াই থাকিলোঁ।

     কেতিয়াবা এই চকুৰ পানীবোৰো নীলা কলমেৰে বগা কাগজত আখৰৰ ৰূপ দিওঁ। শিল হোৱা বুকু খন শান্ত হয়। কিছু সময়ৰ বাবে এই শান্তি পাওঁ।

     মানুহক পৰীক্ষা কৰি চাওঁতে লক্ষ্য কৰোঁ, কোনো কৰ্মৰ প্ৰতিবাদক মানুহে অহংকাৰী নাম দিয়ে। এনে বিশেষণ সকলোৰে দৰে মোৰো আছে। কাৰণ মইতো সত্য সুন্দৰ নহয়। এগৰাকী সাধাৰণ নাৰী। যাৰ কোনো কাম নাই।যাৰ নাম গৃহিনী। আনৰ আগত প্ৰতিবাদ নকৰিলে যদি কোনোৱে ভাবে মই তেওঁলোকৰ কথা বুজি পোৱা নাই, তেওঁলোকে ভুল ভাবিছে। মই সকলো বুজি পাইয়ো একো মাতিব নোৱাৰো।কাৰণ সৰুতে দেউতাই সুমুৱাই দিয়া আনে বেয়া পাব,কিজানি তাৰেই ভয়।

    মই বোলে সুখী হ'ব নাজানো। মই সুখী হ'ব জানো বাবেই, আজি পৃথিৱীত ইমান বিশেষণৰ অধিকাৰী হৈও মই নৃত্যনৈমন্তিক কামবোৰ কৰি গৈ আছোঁ। নিজকে চিনি নোপোৱাৰ ভাও ধৰিছোঁ বাবেই মই হাঁহিব পাৰিছোঁ। নিজৰ শিক্ষা জীৱনক ভেঙুচালি কৰিছোঁ বাবেই মই কাম নোহোৱা গৃহিনী নাম ল'ব পৰিছোঁ।নিজৰ ভালপোৱা বেয়া পোৱাক বিসৰ্জন দিছোঁ বাবেই আনক মৰম দিব পাৰিছোঁ। নিজকে আনৰ লগত তুলনা কৰা নাই বাবেই সদায় ধুনীয়া দেখিছোঁ। মুঠতে মই মোৰ প্ৰকৃত পৰিচয় হেৰুৱাই আনে দিয়া পৰিচয় সামৰিছো।

   মাজৰাতি নিজৰ সময় খিনিত কেতিয়াবা মই প্ৰশ্ন কৰোঁ , প্ৰকৃততে মই কোন? বা প্ৰকৃততে আমি কোন?


@নীৰুজা বৰা

নগাওঁ

(প্রায় দুবছৰৰ আগতে অসমীয়া খবৰ কাকতত প্ৰকাশিত মোৰ এটি লেখা)


Comments

Popular posts from this blog

অনুভৱ

প্ৰবন্ধ

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"