Posts

মই কোন?

  "মই কোন?"           দিনটোৰ শেষ সময় খিনি, নাজানো আৰম্ভণি বুলিয়ে কওঁ নে, নে শেষ বুলিয়ে কওঁ, সেই যে মাজৰাতি সময়খিনি এই খিনিয়েই মোৰ সময়। মই নিজকে বিচাৰি পোৱাৰ সময়। দিনটো সন্মুখীন হোৱা বিভিন্ন কথাৰ পাকচক্ৰবোৰ বুজি উঠাৰ সময়। হেঁপাহ পলুৱাই কন্দাৰ সময় আৰু কেতিয়াবা হেৰুৱা অতীতক মনলৈ অনাৰ সময়। কেতিয়াবা কলমটো হাতত লৈ বগা কাগজ খনত আক দিয়াৰ সময়, নিজৰ আৰু আনৰ যন্ত্ৰনাক আখৰৰ আকাৰত তুলি দিয়াৰ সময়।আৰু কাষতে শুই থকা নিজৰ  জীৱনৰ আদৰুৱা সুখকণক এবাৰ প্ৰাণভৰি চোৱাৰ সময়।বতাহে বিলোৱা সুগন্ধিবোৰত মন মতলীয়া কৰাৰ সময়।  আচলতে এই 'মই' বোলা জন নো কোন?      প্ৰশ্নটো শুনি হাঁহি উঠিছে। মই যে মোৰ কথা কৈছোঁ, মই জানো কোনোবা চেলিব্ৰেতি? নে মই কোনোবা বিখ্যাত লেখক নে কোনোবা খেলুৱৈ, নে কোনোবা ৰাজনীতি বিদ।     কোনোৱে যাতে ভুল নুবুজে মই ওপৰত উল্লেখ কৰা এগৰাকীও নহয়। তেতিয়া হ'লে, 'মই' বুলি সম্বোধন কৰি , কিয় নিজৰ কথা লিখিবলৈ লৈছোঁ। মই বাৰু মানসিক ৰোগী নেকি? নহয়, সেইটোও নহয়। কাৰণ পুৱা গধূলি নিজৰ দায়িত্ব পালন কৰিছোঁ।    মোৰ কি নাই? মই কিয় আজি নিজকে চাব...

লক্ষ্মীনন্দন বৰাৰ জীৱনী

 ||লক্ষ্মীনন্দন বৰা|| জন্মঃ ১ মাৰ্চ, ১৯৩২, নগাঁও জিলাৰ হাতীচোং কুজীডাঁহ গাঁৱত৷ পিতৃ আৰু মাতৃঃ পৃথুৰাম বৰা আৰু ফুলেশ্বৰী বৰা৷           লক্ষ্মীনন্দন বৰাই হাইস্কুলীয়া শিক্ষা লাভ কৰে নগাঁও চৰকাৰী হাইস্কুলৰপৰা৷ ১৯৪৮ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু একে বছৰতে কটন কলেজত আই.এছচি শ্ৰেণীত নামভৰ্তি কৰে৷ ১৯৫০ চনত তেওঁ কটন কলেজৰপৰা আই, এছচি পাছ কৰে আৰু কটন কলেজতে পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে৷ ১৯৫২ চনত তেওঁ কটন কলেজৰপৰা পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছতেই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবৰ বাবে কলিকতাৰ প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰে৷ ১৯৫৪ চনত তেওঁ প্ৰেছিডেন্সী কলেজৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ লক্ষ্মীনন্দন বৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৫৫ চনত প্ৰবক্তা হিচাপে শ্বিলঙৰ ছেইন্ট এন্থনী কলেজত যোগদান কৰিছিল৷ তাত তেওঁ প্ৰবক্তা হিচাপে দুমাহ শিক্ষকতা কৰাৰ পাছত যোৰহাট জে.বি. কলেজ আৰু নগাঁও কলেজত কিছুদিনৰ বাবে শিক্ষকতা কৰে৷ লক্ষ্মীনন্দন বৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অন্ধ্ৰ বিশ্ববিদ্যালয়ৰপৰা ১৯৭৭ চনত৷ 'The Water Balanc...

প্ৰবন্ধ

 *বন্ধুত্ব হৈ থাকক জীৱনৰ হাঁহি* #নন্দিনী আলোচনীত প্ৰকাশিত মোৰ এটি পুৰণি লেখা। চাপ মুক্ত জীৱনত বন্ধুত্বৰ ভূমিকা::        চাপ, শব্দই কি নিৰ্দেশ কৰে? ই হেঁচাক নিৰ্দেশ কৰে। যি এটা বস্তুত প্ৰয়োগ কৰিলে, বস্তুটোৰ স্থান বা আকাৰত পৰিৱৰ্তন হয়। বস্তুৰ ক্ষেত্ৰত এই চাপক বল প্ৰয়োগ কৰা বুলিও কোৱা হয়।        কিন্তু মানুহৰ ক্ষেত্ৰত এই চাপ বিভিন্ন ধৰণে হ'ব পাৰে, বস্তুৰ দৰে বল প্ৰয়োগ কৰি স্থান পৰিৱৰ্তন কৰা আৰু আনটো মানসিক চাপ। যাক নিৰাময় কৰাৰ বিশেষ প্ৰয়োজন হৈ উঠিছে।     আজিৰ লেখাটোয়ে মানসিক চাপক নিৰ্দেশ কৰিছে। এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ, বিশ্ব বিখ্যাত ৰাছিয়ান লেখক, টলষ্টয়(Nikolayvince Tolstoy) যেতিয়া প্ৰায় সত্তৰ বছৰীয়া বৃদ্ধ আছিল, তেনে সময়ত  বিশ্ববিখ্যাত ৰাছিয়ান আৰু ছোভিয়েট লেখক, মেক্সিম গৰ্কী (Alexei Maximizing Peshkov Ressov) ৰ বয়স আছিল প্ৰায় ২২বছৰীয়া এজন ডেকা যুৱক। এটা আচৰিত কথা যেতিয়াই গৰ্কীয়ে অকলে টলষ্টয়ৰ মুখা মুখি হয় টলষ্টয়ে এক অদ্ভুত আচৰণ কৰে। বিশ্ব বিখ্যাত সেই লেখক জনক লগ কৰিবলৈ গৈ গৰ্কী সদায় আচৰিত হয়,  সকলোৰে চকুত যিজন বিশ্ব বিখ্যাত...

গল্প

 "ৰোমন্থন"       হয় আজিয়ে সেই দিনটো আছিল। মাঘৰ বিহুৰ এদিন পাছতেই অৰ্থ্যাৎ মাঘৰ দুই তাৰিখ।ৰাতুলৰ বিয়াৰ দিন।কইনাৰ ঘৰ বেছি দূৰৈত নোহোৱাৰ বাবে এদিনীয়াকৈয়ে বিয়াখন আয়োজন কৰা হৈছে। বিয়া মানে ঘৰৰ সকলো খিনি কাম মোৰ ওপৰতে।ডাঙৰ বোৱাৰী যে ন'হ'বনো কিয়!ৰাতুলটো যেন সৰু ল'ৰাৰ দৰে।মাকে বিয়াৰ কথা কোৱাৰ পৰা সদায় গাতে লাগি থাকে,'বৌ, এজনী চোৱাচোন,,,,মোৰ ডিঙিত ওলোমাই দিয়া,,,নহ'লে এই মাজনীয়ে মোক শান্তি নিদিব।' বৰ মৰম লাগে তালৈ যদিও চৰকাৰী চাকৰিয়াল বিবাহৰ উপযুক্ত ল'ৰা,সৰু ল'ৰাৰ দৰে তাৰ কামবোৰ।কেতিয়াবা আচৰিত হওঁ ভাত খাই মোৰ চাদৰৰ আচলতে হাত খন মচি যায়। প্ৰথমে অলপ অপ্ৰস্তুত হৈছিলোঁ কিন্তু এতিয়া তাৰ শিশু সুলভ মনটোক বুজিব পাৰি সকলো কথাতে তাক সহযোগ কৰো।          সেই  মোৰ বাহিবিয়াৰ দিনটোত সি যে মোৰ ওচৰতে বহি সুধিছিল, 'আজিৰ পৰা ধুনীয়া ধুনীয়া আইটেম খাবলৈ পামনে? নহ'লে মাৰ হাতৰ মানিমুনিৰ আঞ্জা, মাংসৰ পনীয়া তৰকাৰী খাই খাই ব'ৰ হৈছো।' আচৰিতেই হৈছিলো,মনে মনে হাঁহিও উঠিছিল কি কয় এইটোৱে,ইমান ডাঙৰ হ'ল,সৰু ল'ছালিৰ দৰে কথাবোৰ দেখোন। এইটোৱেই মোৰ একমাত্ৰ দেওৰ,ৰাতুল ...

কাহিনী

 "নাৰী যেতিয়া মাল বা সামগ্ৰী হয়"          শাওন মহীয়া ৰ'দ। ওচৰত গছ এজোপাও দেখিবলৈ নাই।ইফালে ষ্টেচনৰ ঘৰটোৰ প্ৰায়বোৰ বস্তুয়েই লোহাৰে বনোৱা হোৱাৰ বাবে তাপটো বেছি।ট্ৰেইন নহা সময় যেতিয়া বাৰন্দাতে বহি আছো। তেনেতে পথটোৰ ফালে চকু পৰিল। আতঁৰত এগৰাকী মহিলাৰ প্ৰতিবিম্ব দেখিবলৈ পালো।এই ৰ'দত কোন এই গৰাকী আকৌ । চাওঁতে চাওঁতে মানুহগৰাকী আহি মোৰ ওচৰেই পালে। মানুহগৰাকীৰ হাতত টোপোলা যেন লগা বস্তুটো ওচৰলৈ আহি পাওঁতে কণমানি এটা বুলি জানিলো।      তললৈ চাওঁতেই মানুহ গৰাকী মোৰ কাষেই পালে।ৰঙা শাৰী আৰু সাজ-সজ্জাৰে মানুহ গৰাকীক বঙালী সম্প্ৰদায়ৰ বুলি অনুমান কৰিলো। মই একো সুধিবলৈ নৌ পাওঁতেই, মানহগৰাকীয়ে নিজেই আৰম্ভ কৰিলে, "ছাৰ, এইটা ষ্টেচনেই আমাৰ মানুষটাই কাম কৰে" মই ক'লো, "নমতা কবেন ,তোমাৰ মানুষ তাৰ"  মানহ গৰাকীয়ে ক'লে,"ৰাম বিলাস ছাৰ"।   ৰাম বিলাসেটো পাছদিনৰ  ছুটী লৈছে ।সি ঘৰলৈ যোৱা নাই নেকি বাৰু! কথাটো মনতে ভাবি পইটছমেন ল'ৰাটোক চিঞৰিলো, সুজিত, ঐ সুজিত…,,,,,  সুজিতে 'আছো ছাৰ', বুলি কৈ মোৰ ওচৰ পালে। "ঐ ৰামবিলাসে পাঁচদিনৰ ছুটী লোৱা নাই জানো !...

প্ৰবন্ধ

 "বৰ্ণ বৈষম্যহীন সমাজ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ"      মধ্যযুগৰ ভক্তি আন্দোলনৰ মূল লক্ষ্য আছিল, বৰ্ণবৈষম্য তথা অস্পৃশ্যতা দূৰ কৰা।স্বামী বিবেকানন্দ,দায়নন্দ সৰস্বতী আদি লোকসকলে বৰ্ণবাদৰ বিৰুদ্ধে বিভিন্ন লেখাৰ জড়িয়তে সমাজত এক আলোড়ন সৃষ্টি কৰিছিল যদিও সেইয়া সাময়িক ভাৱে আছিল।সুবিধাবাদী আৰু ৰক্ষণশীল সমাজৰ প্ৰভাৱৰ বাবে ই যেনেভাৱে প্ৰভাৱান্বিত হ'ব লাগিছিল, হোৱা নাছিল।       এই বৰ্ণবাদৰ বিৰুদ্ধে আলোড়ন সৃষ্টি কৰি সমাজক সচেতন কৰিবলৈ বিচৰা বুদ্ধদেৱ , স্বামী বিবেকানন্দ, দায়নন্দ সৰস্বতী, মহাত্মা গান্ধী , আম্বেদকাৰ আদি লোকসকল যেন আজি হাৰি গৈছে।ঠিক তেনে অনুভৱ হয়।        ১৪/১৫ শতিকাত অসমত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে এক আন্দোলন সৃষ্টি কৰিবলৈ সক্ষম হোৱা প্ৰথম ব্যক্তিজন হ'ল মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু দ্বিতীয়জন তেখেতৰ প্রিয় শিষ্য মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱে পোনপটীয়াকৈ বৰ্ণবাদৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল।দূৰদৰ্শী মহাপুৰুষ শংকৰদেৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে তান্ত্ৰিক আচাৰ নীতি সমূহ ত্যাগ কৰি সহজ সৰল নাম ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ইয়া...

মিনিটৰ গল্প

 মিনিটৰ গল্প "ভেজাল "           পৰীৰ বিয়ালৈ মাজত মাত্ৰ দুদিন আছে। প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছেই। দেউতাক নথকা ঘৰখনত তায়েই সকলোখিনি দায়িত্ব মূৰ পাাতি লৈছে।পাছত কিবা ভেজাল লাগে বুলি ভিডিঅ' আৰু ফটো তোলা ল'ৰাজনক প্ৰায় দুমাহৰ আগতেই কৈ ৰাখিছে।মাজে মাজে মনত পেলাইহে দিয়েগৈ।ল'ৰাজনে হাঁহে আৰু কয়,"একো চিন্তা নকৰিবা ভন্তি তুমি বিয়াৰ বাকি থকা যোগাৰসমূহ কৰাগৈ"। আচলতে ভনীয়েকজনীৰ উৎপাততহে তাই এই ব্যৱস্থাটো কৰিছে।মাকেে কয়,"হ'ব দে মাজনী বিয়া এবাৰহে হ'বি অলপ চখ কৰছোন"। ভনীয়েকজনীৰ এটাই চিন্তা বায়েকৰ কন্যাদান কোনে কৰিব? মাক আৰু পৰীয়ে তাইক বুজাই,"হেৰৌ কিয় চিন্তা কৰিছ,খুড়াৰহঁত নাই জানো,সৰুৰে পৰা বায়েৰক কম মৰম কৰে নে?এতিয়া সিহঁতক একো ক'বই নালাগে নিজেই আহি কন্যাদান কৰিব"।   ভনীয়েকে কয়,"বাৰু মাই আৰু বাই,  সময়ত ভেজাল নলগাবিহঁত।দেউতাই পঢ়াইশুনাই খুড়াহতঁক ডাঙৰ অফিচাৰ কৰিলে,দেউতাৰ মৃত্যুৰ পাছতে আমাক তেওঁলোকে সজা ঘৰত থাকিবলৈ নিদি ওচৰৰ মাটিখিনি দেখুৱাই দিলে,বায়ে সেইয়া কোম্পানীৰ চাকৰি কৰি লোন লৈ কম কষ্টৰে এইঘৰটো সজা নাই কিন্তু ! সময়ত ভেজাল লগা আগতেই সুধ...