Posts

Showing posts from May, 2021

প্ৰবন্ধ

 *বন্ধুত্ব হৈ থাকক জীৱনৰ হাঁহি* #নন্দিনী আলোচনীত প্ৰকাশিত মোৰ এটি পুৰণি লেখা। চাপ মুক্ত জীৱনত বন্ধুত্বৰ ভূমিকা::        চাপ, শব্দই কি নিৰ্দেশ কৰে? ই হেঁচাক নিৰ্দেশ কৰে। যি এটা বস্তুত প্ৰয়োগ কৰিলে, বস্তুটোৰ স্থান বা আকাৰত পৰিৱৰ্তন হয়। বস্তুৰ ক্ষেত্ৰত এই চাপক বল প্ৰয়োগ কৰা বুলিও কোৱা হয়।        কিন্তু মানুহৰ ক্ষেত্ৰত এই চাপ বিভিন্ন ধৰণে হ'ব পাৰে, বস্তুৰ দৰে বল প্ৰয়োগ কৰি স্থান পৰিৱৰ্তন কৰা আৰু আনটো মানসিক চাপ। যাক নিৰাময় কৰাৰ বিশেষ প্ৰয়োজন হৈ উঠিছে।     আজিৰ লেখাটোয়ে মানসিক চাপক নিৰ্দেশ কৰিছে। এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ, বিশ্ব বিখ্যাত ৰাছিয়ান লেখক, টলষ্টয়(Nikolayvince Tolstoy) যেতিয়া প্ৰায় সত্তৰ বছৰীয়া বৃদ্ধ আছিল, তেনে সময়ত  বিশ্ববিখ্যাত ৰাছিয়ান আৰু ছোভিয়েট লেখক, মেক্সিম গৰ্কী (Alexei Maximizing Peshkov Ressov) ৰ বয়স আছিল প্ৰায় ২২বছৰীয়া এজন ডেকা যুৱক। এটা আচৰিত কথা যেতিয়াই গৰ্কীয়ে অকলে টলষ্টয়ৰ মুখা মুখি হয় টলষ্টয়ে এক অদ্ভুত আচৰণ কৰে। বিশ্ব বিখ্যাত সেই লেখক জনক লগ কৰিবলৈ গৈ গৰ্কী সদায় আচৰিত হয়,  সকলোৰে চকুত যিজন বিশ্ব বিখ্যাত...

গল্প

 "ৰোমন্থন"       হয় আজিয়ে সেই দিনটো আছিল। মাঘৰ বিহুৰ এদিন পাছতেই অৰ্থ্যাৎ মাঘৰ দুই তাৰিখ।ৰাতুলৰ বিয়াৰ দিন।কইনাৰ ঘৰ বেছি দূৰৈত নোহোৱাৰ বাবে এদিনীয়াকৈয়ে বিয়াখন আয়োজন কৰা হৈছে। বিয়া মানে ঘৰৰ সকলো খিনি কাম মোৰ ওপৰতে।ডাঙৰ বোৱাৰী যে ন'হ'বনো কিয়!ৰাতুলটো যেন সৰু ল'ৰাৰ দৰে।মাকে বিয়াৰ কথা কোৱাৰ পৰা সদায় গাতে লাগি থাকে,'বৌ, এজনী চোৱাচোন,,,,মোৰ ডিঙিত ওলোমাই দিয়া,,,নহ'লে এই মাজনীয়ে মোক শান্তি নিদিব।' বৰ মৰম লাগে তালৈ যদিও চৰকাৰী চাকৰিয়াল বিবাহৰ উপযুক্ত ল'ৰা,সৰু ল'ৰাৰ দৰে তাৰ কামবোৰ।কেতিয়াবা আচৰিত হওঁ ভাত খাই মোৰ চাদৰৰ আচলতে হাত খন মচি যায়। প্ৰথমে অলপ অপ্ৰস্তুত হৈছিলোঁ কিন্তু এতিয়া তাৰ শিশু সুলভ মনটোক বুজিব পাৰি সকলো কথাতে তাক সহযোগ কৰো।          সেই  মোৰ বাহিবিয়াৰ দিনটোত সি যে মোৰ ওচৰতে বহি সুধিছিল, 'আজিৰ পৰা ধুনীয়া ধুনীয়া আইটেম খাবলৈ পামনে? নহ'লে মাৰ হাতৰ মানিমুনিৰ আঞ্জা, মাংসৰ পনীয়া তৰকাৰী খাই খাই ব'ৰ হৈছো।' আচৰিতেই হৈছিলো,মনে মনে হাঁহিও উঠিছিল কি কয় এইটোৱে,ইমান ডাঙৰ হ'ল,সৰু ল'ছালিৰ দৰে কথাবোৰ দেখোন। এইটোৱেই মোৰ একমাত্ৰ দেওৰ,ৰাতুল ...

কাহিনী

 "নাৰী যেতিয়া মাল বা সামগ্ৰী হয়"          শাওন মহীয়া ৰ'দ। ওচৰত গছ এজোপাও দেখিবলৈ নাই।ইফালে ষ্টেচনৰ ঘৰটোৰ প্ৰায়বোৰ বস্তুয়েই লোহাৰে বনোৱা হোৱাৰ বাবে তাপটো বেছি।ট্ৰেইন নহা সময় যেতিয়া বাৰন্দাতে বহি আছো। তেনেতে পথটোৰ ফালে চকু পৰিল। আতঁৰত এগৰাকী মহিলাৰ প্ৰতিবিম্ব দেখিবলৈ পালো।এই ৰ'দত কোন এই গৰাকী আকৌ । চাওঁতে চাওঁতে মানুহগৰাকী আহি মোৰ ওচৰেই পালে। মানুহগৰাকীৰ হাতত টোপোলা যেন লগা বস্তুটো ওচৰলৈ আহি পাওঁতে কণমানি এটা বুলি জানিলো।      তললৈ চাওঁতেই মানুহ গৰাকী মোৰ কাষেই পালে।ৰঙা শাৰী আৰু সাজ-সজ্জাৰে মানুহ গৰাকীক বঙালী সম্প্ৰদায়ৰ বুলি অনুমান কৰিলো। মই একো সুধিবলৈ নৌ পাওঁতেই, মানহগৰাকীয়ে নিজেই আৰম্ভ কৰিলে, "ছাৰ, এইটা ষ্টেচনেই আমাৰ মানুষটাই কাম কৰে" মই ক'লো, "নমতা কবেন ,তোমাৰ মানুষ তাৰ"  মানহ গৰাকীয়ে ক'লে,"ৰাম বিলাস ছাৰ"।   ৰাম বিলাসেটো পাছদিনৰ  ছুটী লৈছে ।সি ঘৰলৈ যোৱা নাই নেকি বাৰু! কথাটো মনতে ভাবি পইটছমেন ল'ৰাটোক চিঞৰিলো, সুজিত, ঐ সুজিত…,,,,,  সুজিতে 'আছো ছাৰ', বুলি কৈ মোৰ ওচৰ পালে। "ঐ ৰামবিলাসে পাঁচদিনৰ ছুটী লোৱা নাই জানো !...

প্ৰবন্ধ

 "বৰ্ণ বৈষম্যহীন সমাজ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ"      মধ্যযুগৰ ভক্তি আন্দোলনৰ মূল লক্ষ্য আছিল, বৰ্ণবৈষম্য তথা অস্পৃশ্যতা দূৰ কৰা।স্বামী বিবেকানন্দ,দায়নন্দ সৰস্বতী আদি লোকসকলে বৰ্ণবাদৰ বিৰুদ্ধে বিভিন্ন লেখাৰ জড়িয়তে সমাজত এক আলোড়ন সৃষ্টি কৰিছিল যদিও সেইয়া সাময়িক ভাৱে আছিল।সুবিধাবাদী আৰু ৰক্ষণশীল সমাজৰ প্ৰভাৱৰ বাবে ই যেনেভাৱে প্ৰভাৱান্বিত হ'ব লাগিছিল, হোৱা নাছিল।       এই বৰ্ণবাদৰ বিৰুদ্ধে আলোড়ন সৃষ্টি কৰি সমাজক সচেতন কৰিবলৈ বিচৰা বুদ্ধদেৱ , স্বামী বিবেকানন্দ, দায়নন্দ সৰস্বতী, মহাত্মা গান্ধী , আম্বেদকাৰ আদি লোকসকল যেন আজি হাৰি গৈছে।ঠিক তেনে অনুভৱ হয়।        ১৪/১৫ শতিকাত অসমত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে এক আন্দোলন সৃষ্টি কৰিবলৈ সক্ষম হোৱা প্ৰথম ব্যক্তিজন হ'ল মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু দ্বিতীয়জন তেখেতৰ প্রিয় শিষ্য মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱে পোনপটীয়াকৈ বৰ্ণবাদৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল।দূৰদৰ্শী মহাপুৰুষ শংকৰদেৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে তান্ত্ৰিক আচাৰ নীতি সমূহ ত্যাগ কৰি সহজ সৰল নাম ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ইয়া...

মিনিটৰ গল্প

 মিনিটৰ গল্প "ভেজাল "           পৰীৰ বিয়ালৈ মাজত মাত্ৰ দুদিন আছে। প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছেই। দেউতাক নথকা ঘৰখনত তায়েই সকলোখিনি দায়িত্ব মূৰ পাাতি লৈছে।পাছত কিবা ভেজাল লাগে বুলি ভিডিঅ' আৰু ফটো তোলা ল'ৰাজনক প্ৰায় দুমাহৰ আগতেই কৈ ৰাখিছে।মাজে মাজে মনত পেলাইহে দিয়েগৈ।ল'ৰাজনে হাঁহে আৰু কয়,"একো চিন্তা নকৰিবা ভন্তি তুমি বিয়াৰ বাকি থকা যোগাৰসমূহ কৰাগৈ"। আচলতে ভনীয়েকজনীৰ উৎপাততহে তাই এই ব্যৱস্থাটো কৰিছে।মাকেে কয়,"হ'ব দে মাজনী বিয়া এবাৰহে হ'বি অলপ চখ কৰছোন"। ভনীয়েকজনীৰ এটাই চিন্তা বায়েকৰ কন্যাদান কোনে কৰিব? মাক আৰু পৰীয়ে তাইক বুজাই,"হেৰৌ কিয় চিন্তা কৰিছ,খুড়াৰহঁত নাই জানো,সৰুৰে পৰা বায়েৰক কম মৰম কৰে নে?এতিয়া সিহঁতক একো ক'বই নালাগে নিজেই আহি কন্যাদান কৰিব"।   ভনীয়েকে কয়,"বাৰু মাই আৰু বাই,  সময়ত ভেজাল নলগাবিহঁত।দেউতাই পঢ়াইশুনাই খুড়াহতঁক ডাঙৰ অফিচাৰ কৰিলে,দেউতাৰ মৃত্যুৰ পাছতে আমাক তেওঁলোকে সজা ঘৰত থাকিবলৈ নিদি ওচৰৰ মাটিখিনি দেখুৱাই দিলে,বায়ে সেইয়া কোম্পানীৰ চাকৰি কৰি লোন লৈ কম কষ্টৰে এইঘৰটো সজা নাই কিন্তু ! সময়ত ভেজাল লগা আগতেই সুধ...

মোৰ দহদিনীয়া যাত্ৰাটো

 "মোৰ দহদিনীয়ে যাত্ৰাটো"       ল'ৰাটোৰ পঢ়াত ক্ষতি হয় বুলি বহুত দিন ভালকৈ একো লিখা হোৱা নাই।আহি আহি মেট্ৰিক পৰীক্ষাৰ ওচৰ পাওঁতেই খবৰ আহিল, কেন্দ্ৰীয় শিক্ষা পৰিষদে দশম শ্ৰেণীৰ পৰীক্ষাই বাতিল কৰিলে। ল'ৰাৰ কথা বাৰু এতিয়া থাকক।    আজি মোৰ দহদিনীয়া এক যাত্ৰাৰ বিষয়ে আজি কিবা এটা লিখিবলৈ মন গ'ল। আহকচোন আগবাঢ়ো।         বিহুৰ একসপ্তাহ মানৰ পাছৰ পৰা, ঘৰৰ তিনিওটা মানুহ জ্বৰ, পানীলগা,কাঁহ আদি বিভিন্ন ৰোগত পৰিলোঁ। প্ৰথমে মানুহজনৰ হৈছিল, তেওঁৰ হোৱা চাৰিদিন পাছত মই আৰু ল'ৰাটোও ৰোগত পৰিলোঁ। ডাক্তৰৰ ঘৰলৈ নোযোৱাকৈ ফাৰ্মাচীৰ পৰা অনা ঔষধ আৰু ল'ব লগীয়া সাৱধানতা সমূহে তিনিওকে ভাল কৰিলে যদিও এক দীঘলীয়া সময় ধৰি ৰোগত ভুগিলো। কম বেছি পৰিমানে ভাল হ'ল যদিও, মোৰ মূৰৰ বিষ আৰু মানুহজনৰ চৰ্দি, কাঁহ শেষ হোৱা নাছিল। এদিন চোতালখন সাৰি বিচনাত পৰি যাব লগা অৱস্থাই হৈছিল মোৰ। তেতিয়া ভাবিলোঁ, জ্বৰৰ পৰা উঠিছোঁ, দুৰ্বল হৈ আছোঁ কিজানি সেইকাৰণে। তিনিদিনৰ পাছতো মূৰৰ বিষ ভাল নোহোৱাত ডাক্তৰৰ পৰামৰ্শ ল'ম বুলি দুয়োজন ওলাই গ'লো। কিন্তু তাতেই কথা আহিল, কোভিড টেষ্ট কৰিব লাগিব বুলি। দীঘলীয়া...

গল্প

 গল্প "উপনাম"    বাৰীৰ সৰু পুখুৰীটোত সেইবাৰ বেছি মাছ নোলাল , তথাপি দেউতাৰ তাগিদা,    "ডাঙৰ বায়েৰক মাছ কেইটামান দি আহ যা।"    ইফালে মোৰ পঢ়াৰ কাম শেষেই হোৱা নাই। পুৱাতেই গৰু কেইটালৈ দেউতাৰ লগত হাললৈ নগ'লে নহয়। গতিকে পুৱা কিতাপত হাত দিয়াটো সপোনৰ অগোচৰ। আবেলি যি কণ সময় পাওঁ , ৰজনী শইকীয়া ছাৰে, পঢ়াই দিয়া ইংৰাজী পাঠটোৰ অসমীয়া ভাঙনি সমূহ কৰিবলৈ , মহেন্দ্ৰ ককাইদেউৰ পৰা অনা কেইটামান পৃষ্ঠাৰ বাহিৰে বাকী সকলো পৃষ্ঠা জহি খহি যোৱা ইংৰাজী অভিধান খন মেলি লওঁ। "ঐ, বোপাই, সোনকালে নাযাৱ কিয়? বাট এছোৱা নাই জানো, আজি আহিব নালাগে, কাইলৈ পুৱাতেই স্কুল পোৱাকৈ ঘূৰি আহিবি", দেউতাৰ অবাধ্য আজিলৈকে হ'বলৈ সাহ কৰা নাই।কিয়নো অবাধ্য হ'ব লাগে। দেউতাই, যি কৰিছে বা কয় সদায় আমাৰ ভালৰ বাবেই হয়।   মায়ে জতনাই দিয়া মাছৰ কলহটোৰ লগতে, বাৰীৰ তামোল, নেমু, কাচকল দুআশী, বেহুৱাৰ টোপোলাটো আন এটা মোনাত ভৰাই ল'লো। কেৰিয়াৰত ইংৰাজীৰ কিতাপখন কাপোৰেৰে মেৰিয়াই লৈ বাইদেউৰ ঘৰলৈ যাবলৈ ওলালোঁ। বাইদেউৰ ভিনদেউ এজন নামি অধিবক্তা।লগতে সেই ঠাইৰ চোকা ল'ৰা বুলি খ্যাত। গতিকে মই মোৰ ফটা অভিধানখন নিনিলেও...

গল্প

  গল্প "নগঞানী"           "ঐ নছোঁৱালী, আমাৰ দুখীয়া প্ৰজাৰ ফালে এদিন পাক এটা মাৰিবি দেই"।       মানুহজনী ঋতুমতী হোৱাৰ সাতদিনৰ দিনাই বিয়াত বহিছিল।বিয়া মানে বৰ বিয়া।দৰা একেবাৰে উত্তৰ পাৰৰ । বিয়া খোৱা মানুহে কাণে কাণে কৈছিল,'দৰাটো সাতদিনতে ইমান দূৰৈৰ পৰা কোনে ধৰি আনিলে বা'!   কোনোবাই কৈছিল, 'বাপেকটো অলৈ তলৈ ঘুৰি ফুৰে নহয়, পছন্দই কৰি থৈছিল হ'ব পাই'। কোনোবাই একৌ হাবিঐ কাহিছিল,'ছোৱালী মাটিত বিছনা পৰা দিনটোলৈহে চাই আছিল হ'ব পাই, ল'ৰা ধৰিলে তাকো উত্তৰ পাৰৰ'। যিয়ে নহওক মাকজনীয়ে বুকুত শিল এচপৰা তাইক দি আৰু নিজেও লৈ ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিলে , একেবাৰে উত্তৰ পাৰলৈ। তেতিয়া নদীখনৰ  ওপৰত দলংখনো নাছিল।দিনটোত দুই টাইম ফেৰী আহিছিল।গতিকে আবেলিৰ ফেৰীতে দৰাই, কইনাক লৈ ঘৰলৈ উভটিছিল। লগত দুজন মান সমন্ধীয় মানুহ।ফেৰী পাৰহৈ ঘৰখন পোৱা হ'লে ভালেই আছিল। কিন্তু দুখন বাছ সলাব লাগে।আকৌ তাৰ উপৰি এক মাইলমান খোজ কাঢ়ি বাট বুলিছিল। তেতিয়াহে দৰাৰ পদূলি পাইছিল।       সেইদিনাৰ পৰা তাই সেইখন গাঁৱৰ বোৱাৰী হ'ল আৰু তাইৰ নামটো 'ফেচৌ' গুচি নগঞানী হ'ল।উ...

অনুভৱ

"দৰিদ্ৰতা জীৱনৰ হেঙাৰ স্বৰূপ"          "দৰিদ্ৰতা হেঙাৰ কেতিয়াও হ'ব নোৱাৰে", এই কথাষাৰ সকলোৱে নিজ মুখৰে স্বীকাৰ কৰে বা উদাহৰণৰ সহায়ত বুজাই দিব পাৰে। হয়, এইষাৰ কথা মইয়ো এক মুখে স্বীকাৰ কৰোঁ।       কিন্তু দৈনন্দিন দেখি অহা , আমি আওকাণ কৰা কিছুমান কথাই, আমাক দেখুৱাই দিয়ে যে, দৰিদ্ৰতা, অকৃৎকাৰ্যতা, অসর্বলম্বিতা, গুৰুত্বহীনতাৰ এক কাৰণ । উদাহৰণ স্বৰূপে, আমি ঘৰৰ পৰা যেতিয়া বাহিৰ উলাও, তেতিয়া ৰিক্সা চালক বা ঠেলা চালক সকলক 'তই' বুলি সম্বোধন কৰোঁ। কম সংখ্যকেহে 'তুমি' বা 'আপুনি' বুলি সম্বোধন কৰে।  কিন্তু আপোনাক আপোন মানুহৰ বাহিৰে, এনেকুৱা মানুহৰ দ্বাৰা 'তই' বুলি সম্বোধন কৰাৰ অনুমতি দিবনে? নিশ্চয় নিদিয়ে।এইটো সম্ভৱ হৈছে, আপুনি ৰিক্সা চালক বা ঠেলা চালকৰ তুলনাত ধনী ব্যক্তি। ঠিক সেইদৰে, হোটেলত সুমাই, ৱেটাৰক মতাৰ চাৱনিও মানুহে প্ৰতি বেলেগ। কাৰণ তেওঁলোকো আপোনাতকৈ দুখীয়া।       আমি বাৰু এবাৰ মান ভাবি চাইছোঁ নে, এই সকল আৰ্থিক ভাৱে দুৰ্বল কিন্তু মানসিক ভাৱে তেওঁলোক আমাৰ দৰে একোজন মানুহ। আৱস্থা চাই আমি সৰু বৰ নিৰ্ধাৰণ কৰোঁ। এই কথা আমাৰ মাজত...

কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব"

 "কণমানিজনীৰ প্ৰতি আমাৰ দায়িত্ব" (সকলো পিতৃ-মাতৃ আৰু অভিভাৱকৰ হাতত)         আমি  নাৰী। আমি সকলোৱে শৈশৱ, যৌৱন পাৰ কৰি আজি এই পৰ্য্যায়ত আছোঁ। জীৱনৰ এই দুটি ষ্টেপ পাৰ কৰি আহোঁতে আমি প্ৰত্যেকেই পৃথক পৃথক কিছুমান সুবিধা -অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ।         আমি সকলোৱে নিজৰ বিষয়ে জ্ঞাত যে আমি কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ। যেনে ধৰক, টিউচন ছাৰৰ বেয়া দৃষ্টি, ওচৰৰ খুড়া,দাদা সকলৰ পৰা বেয়া ইংগিত বা বেয়া স্পৰ্শ(bad touch), ঘৰলৈ অহা দেউতাৰ বন্ধু জনৰ পৰা মৰম কৰাৰ চলেৰে আমাৰ গোপন ঠাইত স্পৰ্শ আদি। এইবোৰত আমাৰ কিছুমান বান্ধৱীয়ে প্ৰতিবাদ কৰি মাত মাতিছিল, কিন্তু মোৰ বিশ্বাস শতকৰা ৭৫ ভাগেই লুকুৱাই থৈছিল।মানে লুকুৱাবলৈ বাধ্য হৈছিল।কাৰণ বিভিন্ন আছিল, কিছুমানে ভাবিছিল এইয়া কথা ঘৰত ক'বলৈ লাজ লাগে, কিছুমানৰ ভয় লাগে,কিছুমানৰ আকৌ তেনেকুৱা পৰিৱেশ ৰ অভাৱ আছিল যে তেওঁ কাৰোবাক ক'ব পাৰে। এইদৰেই আমি মনতে সকলো গোপন কৰি,নিজৰ খঙ,ক্ষোভক দমন কৰি, সেই দুষ্ট বা নীচ মানসিকতাক প্ৰশ্ৰয় দি আহিলোঁ। আমিয়ে তেওঁলোকক আমাৰ দৰে আন সকলৰ লগত এই একে কাম কৰিবলৈ উৎসাহ দিলোঁ।     ...

ব্যঙ্গ মিনিটৰ গল্প

 ব্যঙ্গ মিনিটৰ গল্প      "জগেও ভাঙে, ৰঙেও ভাঙে"  ঘৰ আহি পাওঁতেই ল'ৰাটোয়ে সুধিলে, "মা, কেনে পালে?" মাকৰ মুখৰ মাত নাই । মুখ খন গোমোঠা কৰি ইফাল সিফাল কৰি আছে। দেউতাকে ল'ৰাটোক বেলেগ এটা কোঠালৈ মাতি আনি মাকে নুশুনাকৈয়ে কৈছে, "মাৰে, সিহঁতৰ ঘৰত চাহ কাপো নল'লে। ইমান সুন্দৰকৈ যতনাই দিলে মানুহ ঘৰে"।    দেউতাকৰ পৰা কি কাৰণে মাকে এনে খন কৰিলে জানিব নোৱাৰি, বাপেক-পুতেক দুয়োজন বিবুদ্ধিত পৰিল।     আচলতে আজি পুতেকৰ অনুৰোধত, পুতেকে আঁতৰৰ পৰা দেখি পছন্দ কৰা ছোৱালীজনী চাবলৈ মানুহ এঘৰলৈ গৈছিল। মাকৰ অনিচ্ছা, কাৰণ ছোৱালীৰ ঘৰ খনৰ লগত তেওঁলোকৰ ষ্টেটাছ নিমিলে। তথাপি পুতেকৰ কথা পেলাব নোৱাৰি মানুহ ঘৰলৈ গ'ল। তেওঁলোক যাব বুলি দুদিনমান আগতেই ল'ৰাটোয়ে ছোৱালীৰ ঘৰ খনলৈ গৈ জনাই আহিছিল।       দৰিদ্ৰ হ'লেও ভদ্ৰ পৰিয়ালটোৱে তেওঁলোক যাব বুলি, ঘৰখনলৈ দুই এপদ নতুন বস্তু আনি, ঘৰ খন সজাই ৰাখিছিল। কিন্তু কি কথা, ল'ৰাৰ মাকৰ মাত বোল নাই। মাত্ৰ আহিয়েই এষাৰ কথা ক'লে, "এই বিয়া নহ'ব"।     ল'ৰাটোয়ে আৰু বাপেকে কাৰণ সুধাত একো নামাতি গুজৰী গুমৰী থাকিল। তেনেকৈয়...

কবিতা

  কবিতা "নাৰী" "মই নাৰী হ'ম" যেতিয়া মই মৃত দেউতাক ক'ম, 'পিতাই, বিয়া নাপাতিব ডাঙৰ আয়ে কষ্ট পাব'। যি দিনা মই আইৰ প্ৰথম স্বামীক ক'ম, 'তিৰোতা পুতলা নহয়, শোষণ নকৰিব'। যি সময়ত মই গাঁৱৰ দাদাসকলক ক'ম, 'কঁকাইহঁত, ককাই-ভনী সমন্ধত আঁচোৰ নানিব'। যি অৱস্থাত মই শাহু আইক ক'ম, 'মাই, ছোৱালী জন্ম দিয়াটো পাপ বুলি ৰঙা অঙঠা নিসিচিব'। যি ক্ষণত মই স্বামীক ক'ম, 'সিহঁত কেইজনীক পঢ়ালে, আপুনি সুখ পাব'। যি শোকত ওচৰ-চুবুৰীয়াক ক'ম, 'তাই কুলক্ষণী নহয়, তাইক মৰম দিলে মৰম পাব'। ইত্যাদি। ইত্যাদি। ইত্যাদি। দিন-ৰাতি ,আকাশ-পাতাল ভেদ কৰি  যদি মই ক'ব পাৰো, প্ৰতিটো পলৰ নুফুটা শব্দ, সেইদিনাই, আৰু সেইদিনাই এগৰাকী নাৰী হ'ম। হয়, 'মই নাৰী হ'ম'। নীৰুজা বৰা